এন আৰ চি সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ পত্ৰ

এন আৰ চি সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ পত্ৰ

author-image
asomiyapratidin
New Update
এন আৰ চি সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ পত্ৰ

ডিজিটেল সংবাদ, আগৰতলাঃ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ত্ৰিপুৰাত। অসমৰ দৰেকৈ ত্ৰিপুৰাতো এন আৰ চি কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে।

উক্ত দাবীক লৈ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে ত্ৰিপুৰা পিপ'লছ ফ্ৰণ্টে। সংগঠনটোৰ পি আই এলৰ ভিত্তিত সৰ্বোচ্চ আদালতে বিষয়টোক লৈ কেন্দ্ৰ চৰকাৰৰ লগতে ত্ৰিপুৰা চৰকাৰলৈ প্ৰেৰণ কৰিছে বিশেষ পত্ৰ।

উল্লেখ্য যে, অসমত এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে উত্তৰ-পূবৰ অধিকাংশ ৰাজ্যৰে দল-সংগঠনৰ লগতে সৰ্বসাধাৰণেও
সংশ্লিষ্ট ৰাজ্যকেইখনত এন আৰ চিৰ কাম আৰম্ভ কৰিবলৈ দাবী জনোৱা দেখা গৈছিল। ত্ৰিপুৰাতো এই দাবী বিগত কিছুদিন ধৰি অধিক তীব্ৰতৰ হৈ পৰিছে।

ইয়াৰ মাজতে সংগঠনটোৰ পিআইএলৰ ভিত্তিত সৰ্বোচ্চ আদালতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। বিশেষকৈ অসমৰ দৰেকৈ ত্ৰিপুৰাতো অবৈধ বিদেশী সমস্যাক লৈ সময়ে সময়ে দেখা দি অহা সমস্যাই ৰাজ্যখনত এন আৰ চিক অধিক প্ৰাসংগিক কৰি তোলা পৰিলক্ষিত হৈছে।