সৰভোগত গ্ৰেনেড বিস্ফোৰণ, এজন আহত

সৰভোগত গ্ৰেনেড বিস্ফোৰণ, এজন আহত

author-image
asomiyapratidin
New Update
সৰভোগত গ্ৰেনেড বিস্ফোৰণ, এজন আহত

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ সৰভোগত যোৱা নিশা প্ৰায় ৮ বজাত এটি গ্ৰেনেড বিস্ফোৰিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত বাতৰি মতে, সৰভোগৰ ষ্টেচন ৰোডৰ ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা কমল নাথ ওৰফে বাখৰ নামৰ লোকজনৰ ঘৰৰ সন্মুখত এই বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণৰ ফলত এজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত লোকজন হৈছে সৰভোগৰ বায়নপাৰাৰ হিমাংশু দাস (৩৫)। বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত বাটেৰে গৈ আছিল লোকজন।

উল্লেখ্য যে যিটো ঘৰৰ সমুখত বিস্ফোৰণটো সংঘটিত হৈছে সেই ঘৰটোৰ গৰাকী কমল নাথ নামৰ যুৱকজনে পূৰ্বতেও বিভিন্ন অপৰাধমূলক কামত জড়িত থকাৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল।

স্থানীয় ৰাইজে গ্ৰেনেডটো কোনো অজ্ঞাত লোকে কমলৰ ঘৰলৈ বুলি দলিয়াইছিল বুলি সন্দেহ প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।