নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’লৈ ফোন অসমৰ মুখ্যমন্ত্ৰী সোণোৱালৰঃ ক’লে, “খুলি দিয়ক সীমাটো…”

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’লৈ ফোন অসমৰ মুখ্যমন্ত্ৰী সোণোৱালৰঃ ক’লে, “খুলি দিয়ক সীমাটো…”

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’লৈ ফোন অসমৰ মুখ্যমন্ত্ৰী সোণোৱালৰঃ ক’লে, “খুলি দিয়ক সীমাটো…”

ফাইল ফটো

ডিজিটেল সংবাদ, ৱাখাঃবিগত ৫০ দিন ধৰি ছীল হৈ থকা অসম নাগালেণ্ড সীমান্তৰ আন্তঃৰাজ্যিক সীমাৰ পথ মুকলি কৰি দিবলৈ অনুৰোধ জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'লৈ টেলিফোন কৰে। যোৱা শনিবাৰে সোণোৱালে ৰিঅ'ৰ লগত টেলিফোনিক বাৰ্তালাপ কৰি অসমৰ শিৱসাগৰ, চৰাইদেও জিলাৰ সৈতে সংলগ্ন থকা নাগালেণ্ডৰ পথসমূহ পুনৰ মুকলি কৰি দিবলৈ আহ্বান জনায়।

প্ৰত্যুত্তৰত ৰিঅ'ৱে শীঘ্ৰে পথসমূহ খুলি দিয়াৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে, কোৰোনা মহামাৰীয়ে শেহতীয়াকৈ অসমত ভয়ংকৰ সংক্ৰমণৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ডৰ ম'ন জিলাৰ প্ৰশাসনে চৰাইদেও জিলাৰ সৈতে সংলগ্ন থকা নাগালেণ্ডৰ সীমান্তত পথসমূহ ছীল কৰি যাতায়ত সম্পূৰ্ণ বন্ধ কৰি দিছিল।

সীমান্তৰ নাগালেণ্ডৰ পথসমূহ ছীল হৈ থকাৰ বাবে অসম নাগালেণ্ড সীমান্তৰ অঞ্চলত যথেষ্ট অসুবিধাৰ সন্মুখীন সৃষ্টি হৈছে। ইফালে চৰাইদেও জিলাত কোভিড আক্ৰান্তৰ তথ্য পোহৰলৈ অহাত অৰুণাচল প্ৰদেশৰ চৰকাৰে অসমৰ পৰা যোৱা নিৰ্মাণ শ্ৰমিকৰ যাতায়ত সম্পূৰ্ণ বন্ধ কৰি দিছে‌।