মেছুকাৰ একা-বেকা বাটত চাইকেলৰ পেডেল মাৰিলেহি ছলমানে, চাওক VIDEO

মেছুকাৰ একা-বেকা বাটত চাইকেলৰ পেডেল মাৰিলেহি ছলমানে, চাওক VIDEO

author-image
asomiyapratidin
New Update
মেছুকাৰ একা-বেকা বাটত চাইকেলৰ পেডেল মাৰিলেহি ছলমানে, চাওক VIDEO

ডিজিটেল ডেস্কঃ পেডেল মাৰি মাৰি ছলমান খান আগবাঢ়িল। লগত অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজু। বৃহস্পতিবাৰে ছলমানক এই ৰূপত দেখা গ'ল অৰুণাচলত। অভিনেতাজনে মেছুকা মহো..সৱত অংশগ্ৰহণ কৰিবলৈ আহি উপস্থিত হৈছিল ডিব্ৰুগড়ত। তাৰ পিছত এখন বিশেষ হেলিকপ্তাৰেৰে ৰাওনা হৈছিল মেছুকালৈ। পঞ্জাৱৰ পৰা বিশেষ বিমানেৰে অহা ছলমানক গামোছা পিন্ধাই সম্বৰ্ধনা জনাই অনুৰাগীয়ে।

মেছুকাতো ছলমান খানক অৰুণাচলী পৰম্পৰাগত সাজপাৰ পৰিধান কৰা দেখা পোৱা যায়। অৰুণাচল চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানত ছলমমান খানে ফ্লেগ অফ কৰি মেছুকা মহোৎসৱত ডালমিয়া এমটিবি চেলেঞ্জ এণ্ড এডভেন্সাৰ মেছুকা মহোৎসৱৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে চাইকেল চলোৱাৰ পূৰ্বে চাইকেলৰ কাষত ৰৈ ফটোৰ বাবে প'জ দিয়ে ছলমানে।

ছলমান খানে চাইকেল চলোৱা চাবলৈ ভিৰ হৈছিল বহু লোকৰ। প্ৰিয় অভিনেতাগৰাকীক কাষতে পাই আত্মহাৰা হৈ পৰিছিল গুণগ্ৰাহীসকল।

অৰুণাচলৰ শিশু অভিনেতা মাটিন ৰে টাংগুৰ সৈতেও কিছুসময় অতিবাহিত কৰে ছলমান খানে। উল্লেখ্য যে, এই অভিনেতাগৰাকীয়ে ছলমানৰ শেহতীয়া ছবি টিউবলাইটত অভিনয় কৰিছিল।

বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে মেছুকাত এডভেন্সাৰ টুৰিজিমৰ প্ৰমোশ্যনৰ এই অনুষ্ঠানত অংশ লৈ পৰ্যটকসকলৰ মেছুকাৰ ৰূপ-সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহ্বান জনায়।

আবেলি ছলমান খান সেই বিশেষ বিমানেৰে উভতে গুৱাহাটীৰ পৰা।

ছলমান খানে আজি কিদৰে চাইকেল চলালে, চাওঁক সেই ভিডিঅ'…


Read here- https://t.co/mn0mxGBxRY

Video courtesy: @ANI@BeingSalmanKhanpic.twitter.com/v1VWT2zK49

— DNA (@dna) November 22, 2018