মেঘালয়ত ইনাৰ লাইন পাৰ্মিট প্ৰবৰ্তনৰ বাবে কেবিনেটে ল’লে প্ৰস্তাৱ, নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মেঘালয়ৰ অতিৰিক্ত দায়িত্ব…

মেঘালয়ত ইনাৰ লাইন পাৰ্মিট প্ৰবৰ্তনৰ বাবে কেবিনেটে ল’লে প্ৰস্তাৱ, নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মেঘালয়ৰ অতিৰিক্ত দায়িত্ব…

author-image
asomiyapratidin
New Update
মেঘালয়ত ইনাৰ লাইন পাৰ্মিট প্ৰবৰ্তনৰ বাবে কেবিনেটে ল’লে প্ৰস্তাৱ, নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মেঘালয়ৰ অতিৰিক্ত দায়িত্ব…

ডিজিটেল ডেস্কঃ মেঘালয়ৰ ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য কৰাৰ বাবে কনৰাড ছাংমাৰ কেবিনেটে ল'লে প্ৰস্তাৱ। নাগৰিকত্ব সংশোধনী আইন ২০১৯য়ে যাতে ৰাজ্যখনত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে দল-সংগঠনৰ প্ৰতিবাদত সেও মানি মেঘালয় কেবিনেটে এই প্ৰস্তাৱ ল'বলৈ বাধ্য হয়।

বৃহস্পতিবাৰে মেঘালয়ৰ বিধানসভাত এই প্ৰস্তাৱ গৃহীত কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব মেঘালয় চৰকাৰে। ইফালে, নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে নগালেণ্ডৰ উপৰিও মেঘালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিছে।মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ে ছুটীত যোৱাৰ বাবে এই অতিৰিক্ত দায়িত্ব নগালেণ্ডৰ ৰাজ্যপাল গৰাকীক দিয়া হৈছে বুলি জানিব পৰা গৈছে।