‘নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দাবীৰ বাবে নগা চূড়ান্ত চুক্তিত স্বাক্ষৰত বিলম্ব’ 

‘নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দাবীৰ বাবে নগা চূড়ান্ত চুক্তিত স্বাক্ষৰত বিলম্ব’ 

author-image
asomiyapratidin
New Update
‘নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দাবীৰ বাবে নগা চূড়ান্ত চুক্তিত স্বাক্ষৰত বিলম্ব’ 

ডিজিটেল সংবাদ, ৱাখাঃ ২০১৫ চনৰ ৩ আগষ্টত ফ্ৰেৰ্মৱক এগ্ৰিমেণ্ট চুক্তি স্বাক্ষৰ হোৱাৰ তিনিটা বছৰৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ চূড়ান্ত চুক্তি স্বাক্ষৰত অযথা বিলম্ব হোৱাৰ বিষয়ত অৱশেষত মুখ খুলিছে নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী আৰ এন ৰবিয়ে । যোৱা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত নগা চূড়ান্ত চুক্তিৰ সৰ্ন্দভত অৱগত কৰিবলৈ আহি কহিমাত নগা হো হো, এন এছ এফ আৰু মাদাৰ এছচিয়েচন দ্বাৰা বৈঠক বৰ্জনৰ সন্মুখীন হোৱা ৰাষ্ট্ৰীয় নিৰাপত্তা উপ পৰামৰ্শদাতা আৰ এন ৰবিয়ে নাগালেণ্ড প'ষ্টক দিয়া এক সাক্ষাৎকাৰত কয় যে- ভাৰত চৰকাৰে পান নগা সাংস্কৃতিক সংস্থাৰ বাবে অৰ্থাৎ নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো নিষ্পত্তি নোহোৱা বাবে  চূড়ান্ত নগা চুক্তি স্বাক্ষৰত বিলম্ব হৈছে ।

তেওঁ কয় যে ভাৰত চৰকাৰ সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো নিষ্পত্তি কৰিবলৈ সাজু আছে যদিও নগা আলোচনাকাৰী সকলৰ সৈতে সহমতত উপনীত হব নোৱাৰাৰ বাবে চূড়ান্ত চুক্তি স্বাক্ষত পলম হৈছে । ৰবিয়ে দৃঢ়তাৰে কয় যে যদি নগা পক্ষই কিছু এৰা-ধৰা কৰে তেতিয়া কাইলৈকে ভাৰত চৰকাৰে চূড়ান্ত চুক্তি সম্পাদন কৰিবলৈ সাজু আছে বুলি জনায় । তেওঁ কয় যে ভাৰত চৰকাৰে ইতিমধ্যে নগাসকলৰ অতুলনীয় অদ্বিতীয় ইতিহাস , পৰিচয় আৰু সাংস্কৃতিক স্বীকৃতি প্ৰদান কৰিছে । আনহাতে চূড়ান্ত নগা চুক্তিত ভাৰতীয় ৰাষ্ট্ৰীয় ব্যৱস্থাত নগাসকলৰ একতা আৰু অখণ্ডতা বিষয়টো স্পষ্ট হ'ব লাগিব ।

বৰ্তমান নগা শান্তি আলোচনাৰ শেহতীয়া অৱস্থিত সন্দৰ্ভত ৰবিয়ে কয় যে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে হব লগা নগা চুক্তিখন সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে । ইয়াৰ বাবে সকলো পক্ষই ৰাজনৈতিক সিদ্ধান্ত, কৌশলত সমূহত পৰস্পৰে সহমত প্ৰকাশ কৰিছে । আৰু এই চুক্তিত নগা নেচনেল পলিটিকেল গ্ৰুপৰ অংশগ্ৰহণে নগা সমস্যা সমাধানত অধিক বাস্তৱমুখী কৰি তুলিছে । শান্তি আলোচনাত এন পি জিৰ অংশগ্ৰহণত এন এছ চি এন আই এমৰে ভাৰত চৰকাৰৰ বুজাপৰা আছে বুলি ৰবিয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

আনহাতে ভাৰত চৰকাৰে এন এন পি জিক নগা শান্তি আলোচনাত এন এছ চি এন আই এমৰ সমান্তৰাল শক্তি হিচাপে থিয় কৰোৱাৰ বুলি অলপতে থুইগালেং মুইভাই অলপতে তোলা অভিযোগৰ সন্দৰ্ভত ৰবিয়ে কয় যে মুইভাই এজন অভিজ্ঞ আৰু জ্যেষ্ঠ বিচক্ষণ নেতা। তেওঁ নগা ৰাজনৈতিক সমস্যাৰ পৃষ্ঠভূমিৰ সৰ্ম্পকে ভালকৈ অৱগত । তেওঁ নগা ৰাজনৈতিক সমস্যাৰ সমাধানত এন এন পি জিৰ গুৰুত্ব আৰু বাস্তৱিকতা সৰ্ম্পকত নিশ্চিয় অৱগত ।

ইফালে সমাগত লোকসভা নিৰ্বাচনত পূৰ্বে নগা সমস্যাৰ চূড়ান্ত সমাধানৰ প্ৰবল ৰূপত উথাপিত হোৱাৰ সন্দৰ্ভত কয় আৰ এন ৰবিয়ে কয় লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সৈতে নগা ৰাজনৈতিক সমস্যাৰ সমাধান কোনো সম্পৰ্ক নাই । বিগত ২১ বছৰীয়া আলোচনাত বহু চৰকাৰ পাৰ হ'ল । নগা শান্তি আলোচনা চলি আছে ।আচল কথা মই নগা ৰাইজৰ আশা পূৰণ আৰু নগা সমস্যা সমাধানৰ বাবেহে জনাদেশ লাভ কৰিছোঁ । চুক্তিৰ বাবে পাৰস্পৰিক বুজাপৰা আৰু এৰাধৰাৰ প্ৰয়োজন । কেৱল আলোচনাৰ মেজত আলোচনা কৰিলে সমস্যা সমাধানৰ পথ নোলায় । নগা সমস্যাটো ৮০ বছৰীয়া এটা পুৰণি ৰাজনৈতিক সমস্যা । বৰ্তমান এই সমস্যাটো নিস্পতি দিশে আগবাঢ়িছে । কিন্তু একমাত্ৰ সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ বিষয়টো অদ্যপি মীমাংসাত উপনিত হব নোৱাৰাৰ বাবে নগা সমস্যাৰ সমাধান চূড়ান্ত চুক্তি সম্পাদনত বিলম্ব হৈছে ।