/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/Arjun-Kapoor-Malaika-Arora-Khan.jpg)
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি বলিউদত ইখন পাছত সিখন বিয়া। এইবাৰ বলিউদত ওলাল আকৌ এখন বিয়া। এই বিয়াখন বলিউদ অভিনেতা অৰ্জুন কাপুৰ আৰু মলাইকা অৰোৰাৰ। বিগত কিছুদিন ধৰি দুয়োজনক একেলগে বহু সময়ত প্ৰত্যক্ষ কৰা হৈছিল যদিও এই সৰ্ম্পকৰ সন্দৰ্ভত কোনো কথাই ৰাজহুৱা কৰা নাছিল শিল্পীদ্বয়ে। কিন্তু শেহতীয়াকৈ খবৰ আহিছে যে অচিৰেই অৰ্জুন আৰু মলাইকা আৱদ্ধ হ'ব বিবাহপাশত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/external/40009-04-1462356809-a.jpg)
খবৰ অনুসৰি এপ্ৰিল মাহৰ ১৮ তাৰিখে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতি সম্পন্ন হ'ব এই বিয়া। এতিয়ালৈকে কিন্তু পৰিয়ালৰ লৈকে এই বিয়াৰ সম্পকত কোনো মন্তব্য প্ৰকাশ কৰা নাই। আনহাতে অৰ্জুনৰ পিতৃ বনী কাপুৰে এই বিয়াৰ খবৰ সম্পূণৰূপে ভুৱা বুলি সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019-01/nv26u0cg_arjun-malaika-ndtv_625x300_07_January_19.jpg)
কিছুদিনৰ পুৰ্বে এটা টেলিভিছন শ্ব'ত মলাইকাই কৈছিল যে, তেওৰ বিয়াত অৰ্জুন কাপুৰৰ ঘনিষ্ঠ বন্ধু ৰণবীৰ সিঙ,দিপীকা পাডুকণ আৰু কিছু বন্ধু উপস্থিত থাকিব। অৰ্জুন-মলাইকাৰ এই বিয়াৰ খবৰৰ কিমান সত্যতা আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও মলাইকাৰ এজন ঘনিষ্ঠ বন্ধু বিয়াৰ খবৰৰ কথা সঁচা বুলি ইতিমধ্যে এক ইংগিত প্ৰদান কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/photo/msid-68599575/68599575.jpg)
উল্লেখ্য যে, মলাইকাৰ এয়া দ্বিতীয় বিবাহ। ২০১৭ চনত চলমান খানৰ ভাতৃ আৰবাজ খানৰ সৈতে ১৭ বছৰীয়া বৈবাহিক জীৱনৰ বিচ্চেদ হৈছিল মলাইকাৰ । দুই সন্তানৰ মাতৃ মলাইকাৰ বয়স আৰু অৰ্জুন কাপুৰৰ বয়সক লৈ ছচিয়েল মিডিয়াতো যথেষ্ট চৰ্চা হৈছিল।
/https://media.assettype.com/asomiyapratidin/import/v2/aHR0cHM6Ly9zdGF0aWMuYWJwbGl2ZS5pbi93cC1jb250ZW50L3VwbG9hZHMvMjAxOS8wMi8yMjE2MDU0NC9zaXRlLmpwZyM2NDA6NDgwI3Jlc2l6ZSNqcGVn/site.jpg)