অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পৰা জব্দ ১.৮০ কোটি টকা, চকীদাৰক চোৰ আখ্যা কংগ্ৰেছৰ

অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পৰা জব্দ ১.৮০ কোটি টকা, চকীদাৰক চোৰ আখ্যা কংগ্ৰেছৰ

author-image
asomiyapratidin
New Update
অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পৰা জব্দ ১.৮০ কোটি টকা, চকীদাৰক চোৰ আখ্যা কংগ্ৰেছৰ

  • পুনৰ এবাৰ চকীদাৰেই চোৰৰ আৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে।
  • কংগ্ৰেছ প্ৰবক্তা ৰণদ্বীপ সিঙে উত্থাপন কৰিলে এই অভিযোগ।
  • বুধবাৰে এক সংবাদ মেলযোগে প্ৰধানমন্ত্ৰীক চকীদাৰেই চোৰ আখ্যা দিয়ে কংগ্ৰেছ প্ৰবক্তা গৰাকীয়ে।
  • অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কনভয়ৰ বাহনৰ পৰা জব্দ হোৱা বৃহৎ পৰিমাণৰ ধনক লৈ এই অভিযোগ।
  • উল্লেখ্য যে, মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বাহনৰ পৰা মঙলবাৰে নিশা জব্দ কৰা হৈছিল ১.৮০ কোটি টকা।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰুণাচলৰ নিৰ্বাচনী প্ৰচাৰৰ এদিন পূৰ্বে জব্দ হৈছিল এই বৃহৎ পৰিমাণৰ ধন।
  • বুধবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰীয়ে।
  • জব্দ হোৱা ধনখিনি প্ৰধানমন্ত্ৰীৰ ৰেলীত খৰছ কৰাৰ বাবে অনাৰ অভিযোগ কংগ্ৰেছৰ।
  • 'চোৰৰূপী চকীদাৰ হাতেলোটে ধৰা পৰিল'- এইদৰে বিজেপিক কটাক্ষ কংগ্ৰেছ প্ৰবক্তা ৰণদ্বীপ সিঙৰ।