৫০বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম উত্তৰ-পূবত ৪ বছৰত কৰিছে এনডিএয়েঃ ৰাজনাথ

৫০বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম উত্তৰ-পূবত ৪ বছৰত কৰিছে এনডিএয়েঃ ৰাজনাথ

author-image
asomiyapratidin
New Update
৫০বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম উত্তৰ-পূবত ৪ বছৰত কৰিছে এনডিএয়েঃ ৰাজনাথ

ডিজিটেল ডেস্কঃ কংগ্ৰেছে ৫০ বছৰত যি কাম কৰিব পৰা নাই, সেই কাম ৪ বছৰত উত্তৰ-পূৱৰ বাবে কৰিছে বিজেপিয়ে। দেশৰ আন অংশৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ স্থাপনৰ বাবে ৰে'লৱে, বিমান আদি যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে। শুকুৰবাৰে মিজোৰামত এই মন্তব্য কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।

লগতে মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে- যোৱা ৪ বছৰৰ এন ডি এৰ শাসনকালত উত্তৰ-পূৰ্বাঞ্চলত আইন-শৃংখলাজনিত পৰিস্থিতি যথেষ্ট উন্নত হৈছে। আমাৰ প্ৰাথমিকতা হ'ল শান্তি স্থাপন। যোৱা ২০ বছৰৰ তুলনাত এই ৪ বছৰতে উত্তৰ-পূৰ্বাঞ্চলত এক শান্তি পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই পৰিৱেশে অঞ্চলটোৰ প্ৰগতি সাধন কৰাত সহায়ক হ'ব। মিজোৰামৰ মামিত এক জনসভাত অংশ লয় এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।