২৬মে’ৰ পৰা ২৮ মে’লৈ ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

২৬মে’ৰ পৰা ২৮ মে’লৈ ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

author-image
asomiyapratidin
New Update
২৬মে’ৰ পৰা ২৮ মে’লৈ ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

ডিজিটেল ডেস্কঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম আৰু মেঘালয়ত ২৬ মে'ৰ পৰা ২৮ মে'লৈ ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। আইএমডিৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰমুখ এছ দেৱীয়ে কয় যে, পশ্চিমবংগৰ পৰা দক্ষিণ-পশ্চিম দিশে আগবঢ়া প্ৰবাল বতাহৰ বাবে এই দুয়োখন ৰাজ্যত এই তিনিদিন ধাৰাসাৰ বৃ্ষ্টিপাত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, এই দুয়োখন ৰাজ্যৰ অধিকাংশ স্থানত বৃষ্টিপাত হোৱাৰ আছে বুলি কয়। ইফালে, মঙলবাৰে সন্ধিয়া ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৰষুণ হয়। এই বৰষুণৰ ফলত চানমাৰীকে ধৰি একাংশ এলেকাৰ পথসমূহতো কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখা যায়।