/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/f748e736-364a-4c55-8472-f99ad68aa9ce.jpg)
ডিজিটেল সংবাদ, ডিমাপুৰঃ দেশত এতিয়া দুটা আদৰ্শৰ সংঘাত হৈছে। তাৰে এটা বিজেপি আৰু আৰ এছ এছৰ আদৰ্শ আনটো কংগ্ৰেছৰ ধৰ্মৰ নিৰেপেক্ষ আৰ্দশ। সম্প্ৰতি কেন্দ্ৰৰ বিজেপিৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ চৰকাৰে দেশত এক দেশ, এক আদৰ্শৰ বলপূৰ্বক জাপি দিব খুজিছে। কিন্তু আমি কংগ্ৰেছ দলে দেশৰ প্ৰতিখন ৰাজ্যই নিজৰ ভাষা-সংস্কৃতিৰ স্বকীয়তাৰে জীয়াই থকাটো বিচাৰো। বিজেপিৰ শাসনকালত নগাসকলক নিজস্ব আদৰ্শৰে জীয়াই থাকিবলৈ অধিকাৰে দিয়া হোৱা নাই। নগাসকলৰ নিজস্ব ইতিহাস-ঐতিহ্য আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দায়বদ্ধ। কিয়নো আজি কংগ্ৰেছেহে নগাসকলৰ কথা চিন্তা কৰে। কংগ্ৰেছে নগাসকলৰ ধৰ্ম-সংস্কৃতি ৰক্ষাত কেতিয়াও আপোচ নকৰে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বিশেষ ৰাজ্য মৰ্যদা, লুক ইষ্ট পলিচিৰ বিশেষ উদ্যোগী নীতি আৰু নাগৰিকত্ব সংশোধন বিধেয়ক বাতিলৰ প্ৰয়োজনীয়তা অনুভৱ কৰাৰ বাবে আজি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বুধবাৰে এই মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/341fc979-a81f-4a2d-bb0d-68f357671a24.jpg)
বুধবাৰে দুপৰীয়া ডিমাপুৰৰ ডিডিচিএছ ষ্টেডিয়ামত কংগ্ৰেছ দল আৰু নাগালেণ্ড পিপলছ ফ্ৰণ্টৰ উমৈহতীয়া প্ৰাৰ্থীৰ কে এল ছিছিৰ হৈ এক বিশাল নিৰ্বাচনী ভাষণ দি ৰাহুল গান্ধীয়ে এনেদৰে কয়। নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চলক প্ৰতাৰণা অভিযোগ তুলি গান্ধীয়ে কয় যে, কেন্দ্ৰত শাসনলৈ আহিয়ে মোডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ ৰাজ্য মৰ্যদা কৰ্তন, লুক ইষ্ট পলিচি অধীনৰ বিশেষ উদ্যোগিক নীতি বাতিল কৰিলে। কিন্তু কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰয়োজনীয়তা সদায় অনুভৱ কৰে। সেয়ে ২০১৯ চনত কংগ্ৰেছ শাসনলৈ আহিলে উত্তৰ পূৰ্বাঞ্চলৰ এই বিশেষ ৰাজ্যৰ পূনৰ মৰ্যদা ঘূৰাই আনিব। কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ আমি দেশৰ অৰ্থনৈতিক সেতু আৰু মেনুফেকচাৰিং হাব হিচাপে চাব খোজো। উত্তৰ পূৰ্বাঞ্চলৰ আছে বহু অৰ্থনৈতিক শক্তিৰ সম্ভাৱনা। বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীলৈ কেনেদৰে ভাবুকি কঢ়িয়াই আনিছে আজি সেই কথা আৰু মৰ্মবেদনা উপলব্ধি কৰিছো বাবে কংগ্ৰেছ দল শাসনলৈ আহিলেই এই জাতিধ্বংসী বিধেয়ক সম্পূৰ্ণকৈ বাতিল কৰিম। ৰাহুল গান্ধীয়ে লগতে কয়- মই কথা কোৱা মানুহ নহয় মই একচনৰ মানুহ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ কটাক্ষ কৰি ৰাহুল গান্ধীয় কয় যে, দেশৰ প্ৰধানমন্ত্ৰী বছৰি দুই কোটি সংস্থাপন, ১৫ লাখ টকা বেংক একাউণ্টত সোমোৱাৰ প্ৰতিশ্ৰুতি আৰু কৃষক শস্যৰ সমৰ্থিত মূল্যৰ দিয়া সেই উদাত্ত প্ৰতিশ্ৰুতিবোৰ কলৈ গ'ল। দুখীয়াৰ বেংক একাউণ্টৰ ধন কাঢ়ি প্ৰধান চকীদাৰে এতিয়া অনিল আম্বানীক ৩৪ হাজাৰ কোটি টকা দিলে। বিগত পাঁচ বছৰত নৰেন্দ্ৰ মোডীয়ে হাজাৰ হাজাৰ কোটি টকা উলিয়াই নি কেৱল নীৰৱ মোডী, বিজয় মালিয়া, ময়ন ছৌকিচক দিলে। কেৱল এয়াই নহয় মোডীয়ে দেশৰ ৩ লাখ ৫০ হাজাৰ কোটি টকা মাত্ৰ ১৫ জন বিশেষ পুঁজিপতিক গতাই দিলে কিন্তু কংগ্ৰেছে এই ধন শাসনলৈ অহাৰ মাত্ৰ ছমাহ ভিতৰত দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বছৰি ৭২ হাজাৰ টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্ট ভৰাই দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ed6a734e-6177-4dce-8f5e-23d352efe82c.jpg)
এয়া দেশত কংগ্ৰেছৰ এক ৰিভলেচনৰী আইডিয়া বুলি তেওঁ অভিহিত কৰে। ইয়াৰ ফলত ভাৰতত কোনো দৰিদ্ৰ লোক নাথাকিব। তেওঁ নাগালেণ্ডৰ কৃষক আৰু ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে অৰ্থনৈতিক সমস্যাত ভূগিব নালাগিব বুলি কয়। আনহাতে বিগত আঠ দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধান সন্দৰ্ভত ৰাহুল গান্ধীয়ে আশ্বাস দি কয় যে, কংগ্ৰেছে সকলো পক্ষৰ সৈতে সহযোগিতাৰ আলাপ আলোচনা আৰু বুজাবুজিৰে শীঘ্ৰে সমাধান কৰিব। উল্লেখ্য যে, বুধবাৰে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নাগালেণ্ডৰ বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টৰ নেতা সকলৰ লগতে হাজাৰ হাজাৰ লোক উপস্থিত থাকে।