ৰাভা হাছং স্বায়ত্ব পৰিষদৰ স্বাধীনতা দিৱস বঁটা ঘোষণা

ৰাভা হাছং স্বায়ত্ব পৰিষদৰ স্বাধীনতা দিৱস বঁটা ঘোষণা

author-image
asomiyapratidin
New Update
ব্যৱহাৰ নকৰিব প্লাষ্টিকৰ ৰাষ্ট্ৰীয় পতাকা, নাগৰিকক আহ্বান প্ৰশাসনৰ

ডিজিটেল ডেস্কঃ বিগত বৰ্ষৰ দৰে এই বেলিও স্বাধীনতা দিৱসৰ দিনা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে বঁটা প্ৰদান কৰিবলগীয়া ব্যক্তি সকলৰ নাম দুধনৈৰ উদয়পুৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰে৷

এইবাৰ বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা বঁটা আৰু প্ৰাপকসমূহ ক্ৰমে-

  • সাহিত্যিক যোগেন্দ্ৰনাথ বান্ঠোক "ৰাজেন ৰাভা সাহিত্য বঁটা"
  • অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনক "ৰাভা শ্বহীদ সোঁৱৰণি সাংবাদিকতা বঁটা"
  • অসম মহিলা সমতা চ'ছাইটি, গোৱালপাৰা জিলা সমিতিৰ সমন্বয়ক মামনি শইকীয়াক "বগেজাৰী বাই" বঁটা
  • ৰাভা ভাষাত ৰচনা কৰি অনাঁতাৰ কেন্দ্ৰত প্ৰথম গীত গোৱা (১৯৬৯) ৰাভা অনাঁতাৰ শিল্পী অবিনাশ ৰাভাক "ৰাজেন পাম শিল্পী" বঁটা
  • আদৰ্শ খেতিয়ক মানিক ৰাভা, কৃষ্ণ বড়ো, নিতাই ৰায় আৰু অৰ্জুনাথ চাংমাক "কৃষি বঁটা"

ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি বঁটা প্ৰাপক ৭ গৰাকী শিপিনীক বিশেষ ভাৱে ৫০ হেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়াব ৰাভা হাছং পৰিষদে অহা ১৫ আগষ্টত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হবলগীয়া ৭২ সংখ্যক স্বাধীনতা দিৱসত ৷