/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/b5ee2c77-7502-4dec-a5fb-08b7cf12c4d3.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ এক ৰাজনৈতিক পৰিঘটনা অনুসৰি নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপ -পৰামৰ্শদাতা আৰ এন ৰবিক নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শনিবাৰে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিছে। ৰাষ্ট্ৰপতিৰ সচিবে কিছু সময়ৰ পূৰ্বে জাৰি কৰা এক প্ৰেছবাৰ্তাত ৰবিৰ নিযুক্তিৰ কথা সদৰী কৰিছে। উল্লেখযোগ্য যে, নাগালেণ্ডৰ বৰ্তমানৰ ৰাজ্যপাল পি বি আচাৰ্যৰ স্থানত আৰ এন ৰবি স্থলাভিষিক্ত হ'ব।
আৰ এন ৰবিয়ে ভাৰতৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী হিচাপে অৱসৰ লোৱাৰ পাছত যোৱা ২০১৪ চনৰ পৰাই নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী হিচাপে নিযুক্ত হৈ আছে। ৰবিৰ দূৰদৰ্শীতা আৰু বিচক্ষণতাৰ বাবে বিগত আঠ দশকজোৰা নগা ৰাজনৈতিক সমস্যাটোৱে ২০১৫ চনত ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ জৰিয়তে মীমাংসাৰ পথত বিশেষ গতি লাভ কৰিছিল। যাৰ বাবে প্ৰাক্তন চোৰাংচোৱা মুৰব্বী গৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ডেপুটি এডভাইজাৰ হিচাপে নিযুক্তি দিয়ে।
উল্লেখযোগ্য যে, ১৯৭৬ চনৰ কেৰেলা বেটছৰ ভাৰতীয় আৰক্ষী সেৱাৰ কেডাৰ আৰ এন ৰবিয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ জটিল বিদ্ৰোহী সমস্যা সমাধানৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰিছিল। শনিবাৰে ৰবিৰ এই নিযুক্তিয়ে আশী বছৰীয়া ইণ্ডো নাগা ৰাজনৈতিক সমস্যাটোৱে বিশেষ গতি লাভ কৰিব বুলি নগা জনসাধাৰণে আশা প্ৰকাশ কৰিছে।