/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/3bccba8f-1c30-4ac8-a823-a5a795e2d9f5.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ বিগত আঠ দশকজোৰা ইণ্ডো-নগা ৰাজনৈতিক সমস্যা সমাধানত কেন্দ্ৰৰ বিজেপিৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অযথা বিলম্ব আৰু গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি বুধবাৰে ৰাজধানী কহিমাত কেন্দ্ৰৰ মধ্যস্ততাকাৰী আৰ এন ৰবিৰে হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠক বৰ্জন কৰে নগা হোহো, নগা ষ্টুডেণ্ট ফেডাৰেচন আৰু মাদাৰ এছচিয়েচনে। উল্লেখ্য যে, নগা চূড়ান্ত চুক্তিৰ সন্দৰ্ভত শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰাবৰ বাবে নাগালেণ্ডৰ বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হ'বলৈ মঙলবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপ পৰামৰ্শদাতা তথা নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী আৰ এন ৰবি ডিমাপুৰৰ পৰা গৈ ক'হিমাত উপস্থিত হৈছিল। মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৱে নগা শান্তি আলোচনা আৰু চূড়ান্ত চুক্তি অগ্ৰগতিৰ সন্দৰ্ভত আলোচনাৰ নগা হোহো, নগা নাগৰিক সমাজ, ছাত্র ফেডাৰেচন আৰু নগা মাদাৰ এছচিয়েচনক আলোচনালৈ নিমন্ত্ৰণ কৰিছিল। কিন্তু নগা সংগঠনকেইটাই কেন্দ্ৰৰ বিজেপি চৰকাৰে নগা ৰাজনৈতিক সমস্যাটোৰ সমাধানত অযথা বিলম্ব আৰু গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি বৈঠক বৰ্জন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/f0966f11-8130-4495-a00d-86d51a934025.jpg)
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৫ চনৰ ৩ আগষ্টত ফ্ৰেৰ্মৱক এগ্ৰিমেণ্ট স্বাক্ষৰ কৰাৰ পিছত মাত্ৰ ১৮ মাহৰ ভিতৰত চূড়ান্ত নগা চুক্তি কৰা তথা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত তিনি বছৰ পাৰ হৈ যোৱাৰ পাছত আজিও বিশেষ অগ্ৰগতিৰ লাভ নকৰাত এনেদৰে সংগঠন কেইটাই আৰ এন ৰবিৰ বৈঠক বৰ্জন কৰে। নগা হোহোৱে এনেদৰে অভিযোগ উত্থাপন কৰি কয় যে, বিগত নাগালেণ্ড বিধানসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ পূৰ্বে নগা সমস্যা সমাধান কৰিব বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি পুৰন কৰিব পৰা নাই চৰকাৰে।
উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে নগা চুক্তি শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভত অৱগত কৰা উদ্দেশ্যৰে মঙলবাৰে আৰ এন ৰবি ডিমাপুৰ পৰা কহিমাত উপস্থিত হৈছিল। এই বৈঠকৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৱে নগা হোহো, নাগৰিক সমাজ, ষ্টুডেণ্ট ফেডাৰেচন আৰু নগা মাদাৰ এছচিয়েচনক নিমন্ত্ৰণ কৰিছিল। ইফালে এই সংগঠন কেইটাৰ ৰবিৰ বৈঠক বৰ্জনে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক শলঠেকত পেলোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us