নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ আৰ এন ৰবিৰ …

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ আৰ এন ৰবিৰ …

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ আৰ এন ৰবিৰ  …

ডিজিটেল সংবাদ , ৱাখাঃ আৰ এন ৰবিয়ে বৃহস্পতিবাৰে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে । পুৱা ১০ বজাত ক'হিমাৰ ৰাজভৱনৰ দৰবাৰ হলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে ৰবিক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ‌।

ৰবিৰ এই শপত গ্ৰহণ কৰা অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ উপমুখ্যমন্ত্ৰী ৱাই পাট্টন আৰু তেওঁৰ কেবিনেট সতীৰ্থ আৰু আমোলা বিষয়াসকল উপস্থিত থাকে । ইয়াৰ পূৰ্বে নাগালেণ্ডৰ আৰক্ষীয়ে ৰবিক গাৰ্ড অৱ অনাৰ সন্মান প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য আৰ এন ৰবিয়ে সম্প্ৰতি নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । শপত গ্ৰহণৰ পিছত নগা জনসাধাৰণক উদ্যেশি কয় ' মই সংবিধানৰ দায়িত্বৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ । তদুপৰি নাগালেণ্ডৰ নিস্বাৰ্থ সেৱাৰ বাবে ৰবিয়ে সংকল্প লয় ।'

আনহাতে আৰ এন ৰবিয়ে নগা ৰাজনৈতিক সমস্যা সন্মানজনক সমাধান তেওঁৰ হৃদয়ত আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় 'মই চেষ্টা কৰিম যিমান সোনকালে পৰা যায় নগা ৰাজনৈতিক সমস্যা সমাধান কৰা হ'ব ।' ৰবিয়ে নাগালেণ্ডবাসীক শিশু মহিলা বিকাশ আৰু নাগালেণ্ডৰ যুৱ প্ৰজন্মক উদ্যমি কৰি তুলি উন্নয়নত গতি আনি নাগালেণ্ডক অন্য ৰাজ্যৰ বাবে আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে ।