/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/ca47c567-dbec-4431-854d-9fb40d20b160.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰৰ বিজেপিৰ চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতাৰে শনিবাৰে নাগালেণ্ডৰ ডিমাপুৰ চহৰত সহস্ৰাধিক ৰাইজে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে । শনিবাৰে পুৱা ডিমাপুৰৰ ছুপাৰ মাৰ্কেটৰ দা গাৰ্ডেন অঞ্চলৰ পথৰ ওপৰতে প্ৰায় দুই সহস্ৰাধিক ছাত্র আৰু নাগৰিক সমাজৰ ৰাইজে একত্ৰিত হৈ গীত, নৃত্য, বাটৰ নাট আৰু চিত্ৰ অংকিত কৰি শৈল্পিক প্ৰতিবাদী কৰে । লগতে জনতাই ' ন কা 'শ্লগান দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/ca47c567-dbec-4431-854d-9fb40d20b160.jpg)
প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰি নগা ষ্টুডেন্ট ফেডাৰেচনে নেতাই কয় যে কা অসংবিধানিক । সকলোৱে ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ কা বাতিলৰ বাবে তীব্ৰ সংগ্ৰাম গঢ়ি তুলিবলৈ আহবান জনায়। নগা ছাত্র সংগঠনৰ মতে নিজৰ অধিকাৰত আপোচবিহীন ভাৱে অটল থাকিলেহে প্ৰবজন কাৰীৰ পৰা বাচি থাকিব পৰা যাব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/ca47c567-dbec-4431-854d-9fb40d20b160.jpg)
আনহাতে ডিমাপুৰ জি বি এছ এছচিয়েচনৰ সভাপতিয়ে কয় বহিৰাগতক আমাৰ অধিকাৰ কাঢ়ি লবলৈ কোনো দিনে অনুমতি দিয়া নহব । এতিয়া অবৈধ বিদেশী নাগৰিকৰক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ সময় সমাগত ।