অৰুণাচলৰ পাছিঘাটত চীনৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সমদল

অৰুণাচলৰ পাছিঘাটত চীনৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সমদল

author-image
asomiyapratidin
New Update
অৰুণাচলৰ পাছিঘাটত চীনৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সমদল

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পাছিঘাটত বুধবাৰে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ চিয়াং উপত্যকাৰ তিনিখন জিলাৰ ছাত্ৰ-ছাত্ৰী আৰু সচেতন ৰাইজে চীন চৰকাৰে সীমান্তৰ সিপাৰে চিয়াং নদীত বৃহৎ নিৰ্মাণ কাৰ্য কৰি চিয়াঙক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰ প্ৰতিবাদত এক সমদল উলিয়ায়৷

কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমদল ইষ্ট চিয়াং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পাছিঘাটৰ গান্ধী চকলৈকে উলিওৱা হয়৷ চিয়াং বচাওক, চীনৰ মইমতালি নচলিব আদি শ্ল'গানেৰে ছাত্ৰ-ছাত্ৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে, ১৯ অক্টোবৰত চাংপো নদীৰ কৃত্ৰিম বান্ধটো ভাঙি নামি অহা পানীৰ ঢলত শতাধিক ড্ৰাম অৰুণাচলৰ চিয়াঙৰ বুকুৱেদি উটি আহিছিল৷ সেই ড্ৰামবোৰৰ মাজতে বিষাক্ত টি ডি আই নামৰ এবিধ ৰসায়নিক দ্ৰব্য সৰবৰাহ কৰা ড্ৰাম পাছিঘাটত উদ্ধাৰ হৈছিল৷ যাৰ বাবে চিয়াঙৰ পানী বিষাক্ত হৈ পৰাৰ সম্ভৱনা আছে বুলিও ছাত্ৰ-ছাত্ৰী সকলে অভিযোগ কৰিছে৷

এই সন্দৰ্ভত চীনে ভাৰত চৰকাৰক কোনো তথ্য যোগান নধৰাৰ বাবেই চিয়াঙত বিগত এবছৰত কাহানিও নোহোৱা-নোপজা ঘটনা ঘটিবলৈ ধৰিছে৷ বোকা পানীৰ পৰা অস্বাভাবিক বৃহৎ ঢৌৰ পাছত শুকাই যোৱা চিয়াং নদীৰ পাৰত গড়াখহনীয়া হঠাত বৃদ্ধি পোৱা বিষয়টোত পাছিঘাটবাসীৰ লগতে চিয়াং জিলা, আপাৰ চিয়াং জিলাৰ হাজাৰ হাজাৰ নৈ পৰীয়ালোকে সময়ে সময়ে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে৷

এই পৰিস্থিতিৰ অবসানৰ বাবে ভাৰত চৰকাৰে চীন চৰকাৰৰ লগত জল-চুক্তি কৰাৰ দাবী জনাইছে৷ চাংপো নদীক লৈ সৃষ্টি কৰা দুৰ্ভাৱনা দুৰ কৰাৰ বাবে চীনে চাংপো নদীৰ ওপৰত কি নিৰ্মাণ কাৰ্য চলাই আছে চীন চৰকাৰৰ পৰা তাৰ স্পষ্টিকৰণ বিচাৰিব লাগে বুলিও স্মাৰক পত্ৰখনত দাবী কৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলে শেহতীয়াকৈ চাংপো নদীত হোৱা ভূমিস্খলন, পানীৰ ঢল আদি প্ৰাকৃতিক দূৰ্যোগৰ পৰিৱৰ্তে মানব সৃষ্ট দূৰ্যোগ বুলিহে অভিহিত কৰিছে৷

উল্লেখ্য যে, চাংপোীনৰ পৰা চাংপো নদীয়েদি উটি অহা বিষাক্ত টি ডি আইৰ ড্ৰামবোৰ অৰুণাচল চৰকাৰে এতিয়াও জব্দ কৰা নাই আৰু সেই ড্ৰামবোৰত থাকিব পৰা বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা কৰা নাই৷