এতিয়াৰ পৰা বন্ধ-প্ৰতিবাদৰ সময়ত গাড়ী-সম্পত্তি নষ্ট কৰিলে ভৰিব লাগিব ক্ষতিপুৰণ, ১০ বছৰ পৰ্যন্ত থাকিব লাগিব কাৰাগাৰত…

এতিয়াৰ পৰা বন্ধ-প্ৰতিবাদৰ সময়ত গাড়ী-সম্পত্তি নষ্ট কৰিলে ভৰিব লাগিব ক্ষতিপুৰণ, ১০ বছৰ পৰ্যন্ত থাকিব লাগিব কাৰাগাৰত…

author-image
asomiyapratidin
New Update
এতিয়াৰ পৰা বন্ধ-প্ৰতিবাদৰ সময়ত গাড়ী-সম্পত্তি নষ্ট কৰিলে ভৰিব লাগিব ক্ষতিপুৰণ, ১০ বছৰ পৰ্যন্ত থাকিব লাগিব কাৰাগাৰত…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত বিভিন দল সংগঠনে ঘোষণা কৰা বন্ধ বা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত ৰাজহুৱা বা ব্যক্তিগত সম্পত্তি ধংস কৰা বা শিল দলিওৱা বা গাড়ী ভঙা বা জুই জ্বলাই দিয়া আদি ঘটনা ৰোধ কৰাৰ বাবে এখন কঠোৰ বিধেয়কত অনুমোদন জনাইছে অৰুণাচল প্ৰদেশ বিধানসভাই। মঙলবাৰে অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী বামাং ফেলিক্সে অৰুণাচল প্ৰদেশ সম্পত্তি ধ্বংস আৰু ক্ষতি আৰু লোকচান প্ৰ্তিৰোধ আইন, ২০২০ উত্থাপন কৰে। শাসকীয় আৰু বিৰোধী দলৰ বিধায়কসকলে দীৰ্ঘসময় ধৰি বিধেয়কখনৰ ওপৰত কৰা আলোচনাৰ অন্তত এই বিধেয়কখন সদনত গৃহিত হয়।

শাসক-বিৰোধী সকলো বিধায়কে এই বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াই। এই আইনৰ অধীনত এতিয়াৰে পৰা বন্ধ কাৰ্যসূচী ঘোষণা কৰা দল-সংগঠনৰ সদস্যই বন্ধৰ সময়ত ধংস হোৱা ৰাজহুৱা বা ব্যক্তিগত সম্পত্তি ধংসৰ বাবে দায়ী হ'ব আৰু সেই সম্পত্তিৰ ক্ষতিপুৰণ দিবলৈ বাধ্য হ'ব। বিধেয়কখনত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত য়িকোনো হিংসাত্মক ঘটনাত জড়িত হোৱা সকলৰ বিৰুদ্ধে এই আইনৰ অধীনত জামিন বিহিন গোচৰ পঞ্জীয়ন কৰা হ'ব আৰু দোষী সাব্যস্ত হ'লে সৰ্বাধিক দহ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ উপৰি সৰ্বোচ্চ এক লাখ টকা পৰ্যন্ত জৰিমণা বিহাৰ ব্যৱস্থা ৰখা হৈছে। তদুপৰি এই আইনৰ অধীনত সংশ্লিষ্ট জিলাৰ উপায়ুক্তই বন্ধ বা প্ৰতিবাদৰ সময়ত ক্ষতি হোৱা সম্পত্তিৰ মূল্য নিৰ্ধাৰণ সমিটিৰ অনুমোদন অনুসৰি অভিযুক্তৰ পৰা ক্ষতিপুৰণৰ ধন আদায় কৰিব পাৰিব।

ক্ষতিপুৰণৰ ধন আহৰণৰ বাবে প্ৰয়োজন হ'লে সম্পত্তি বাজেয়াপ্ত কৰাৰো ব্যৱস্থা থাকিব এই আইনত। আনহাতে বন্ধ বা প্ৰতিবাদৰ সময়ত ৰাজহুৱা বা ব্যক্তিগত সম্পত্তি নষ্ট কৰা কাৰ্যত জড়িতসকলক মুখ্য ন্যায়িক দণ্ডাধীশ পৰ্যায়ৰ ন্যায়াধীশে শাস্তি বিহিব পাৰিব। এই আইনৰ সকলো ধাৰা জামিন বিহিন হ'ব আৰু দোষী সাব্যস্ত হ'লে সৰ্ব নিম্ন দুমাহ আৰু সৰ্ব্বোচ্চ দহ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে। কেনে ধৰণৰ ঘটনাক এই আইন খনৰ আওতাৰ ভিতৰত ৰখা হ'ব সেই বিষয়েও নিৰ্দিষ্ট কৰি দিয়া হৈছে। বন্ধৰ সময়ত শিল দলিওৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা, বযক্তিগত সম্পত্তি নষ্ট কৰা বা অগ্নি সংযোগ কৰা আদি কাৰ্যক অপৰাধ হিচাপে গণ্য কৰা হ'ব। এনে ঘটনাত জড়িত সকলক চিনাক্ত কৰিবৰ বাবে আৰক্ষীয়ে নিজাকৈ বা আন ব্যক্তি নিয়োগ কৰি ভিডিঅ' বা ফটো লোৱাৰ সুবিধাও প্ৰদান কৰা হৈছে। মুঠ ২১ টা অনুচ্ছেদৰ এই বিধেয়কখন আজি বিধান সভাত গৃহিত হৈছে আৰু ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব।

ৰাজ্যপালৰ অনুমোদনৰ পাছতেই এই বিধেয়কখন আইনলৈ পৰিণত হ'ব। উল্লেখ্য যে, অৰুণাচল প্ৰদেশত বিভিন্ন দল-সংগঠনে আহ্বান জনোৱা বন্ধ কাৰ্যসূচীৰ সময়ত পথত চলাচল কৰা আৰক্ষী বা ব্যক্তিগত বাহনলৈ শিল দলিওৱা, গাড়ী জ্বলাই দিয়া, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আদি ঘটনা সঘনাই ঘটি থাকে। বিগত ২০১৯ বৰ্ষত অৰুণাচল প্ৰদেশত পি আৰ চি বিৰোধী আন্দোলনৰ সময়ত শতাধিক গাড়ী জ্বলাই দিয়া হৈছিল আৰু উপ-মুখ্যমন্ত্ৰী চাওনা মেইনকে আদি কৰি বিজেপিৰ বহু কেইজন নেতাৰ ব্যক্তিগত বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিস্থান জ্বলাই দিয়া হৈছিল। অৰুণাচল প্ৰদেশৰ ৰাজ্য প্ৰতিস্থা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে যোৱা অসমৰো ত্ৰিছখনতকৈও অধিক বাহনত উন্মত্ত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছিল। আনকি যোৱা ২৮ ফেব্ৰুৱাৰীতো এটা সংগঠনে আহ্বান জনোৱা বন্ধ কাৰ্যসূচীৰ সময়ত কেইবাখনো গাড়ী শিল দলিয়াই নষ্ট কৰা হৈছিল। এনেবোৰ কাৰণতে মঙলবাৰে অৰুণাচল প্ৰদেশ বিধানসভাত এই কঠোৰ আইনখন প্ৰণয়ন কৰা বুলি গৃহমন্ত্ৰী বামাং ফেলিক্সে প্ৰকাশ কৰে।