নাগাক অপমান, ডিমাপুৰত জ্বলিল শশী থাৰুৰৰ প্ৰতিকৃতি

নাগাক অপমান, ডিমাপুৰত জ্বলিল শশী থাৰুৰৰ প্ৰতিকৃতি

author-image
asomiyapratidin
New Update
নাগাক অপমান, ডিমাপুৰত জ্বলিল শশী থাৰুৰৰ প্ৰতিকৃতি

ডিজিটেল সংবাদ, ডিমাপুৰঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে নগা সংস্কৃতিক লৈ কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে।

ডিমাপুৰত নাগালেণ্ডৰ ৰাজ্যিক ভাৰতীয় জনতা যুৱ মৰ্চাই কংগ্ৰেছ নেতাজনক নিচৰ্ত ৰাজহুৱা ক্ষমা খুজিবলৈ দাবী জনায়। প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতাগৰাকীৰ প্ৰতিকৃতিও দাহ কৰে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ গৈ শশী থাৰুৰে নগালেণ্ডৰ সাজ-সজ্জাক লৈ ইতিকিংসূচক মন্তব্য কৰিছিল। ইয়াৰ বিৰোধিতা জনাই নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই টুইটাৰযোগে ইতিমধ্যে নগাসকলক অপমান নকৰিবলৈ থাৰুৰক সকীয়াই দিছে।