Published on:
Updated on:
- নগালেণ্ডৰ বিবাহ অনুষ্ঠানত দৰা-কইনাই হাতত ৰাইফল লৈ ফটো উঠা ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ ৰুজু।
- ডিমাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক।
- লোকদুজন জিপিআৰএন আৰু এনএছচিএন (এনকে)ৰে জড়িত বুলি জানিব পৰা গৈছে।
- গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে আটো চুমী (২৩) আৰু মুঘাহো (২৮)।
- পৰৱৰ্তী সময়ত আৰক্ষীয়ে দৰা-কইনাকো গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি কৰি দিয়া হয়।
- ডিফুপাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ।
- বিয়া ঘৰৰ এই আজৱ দৃশ্যৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত।
- বিভিন্নজনে ব্যক্তি কৰিছিল ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া।
- তাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in