/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/078d914b-65eb-4ba4-a13a-6acfbeb53b41.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ বমডিলাত অৰুণাচল স্কাউট নামৰ অৰ্ধসামৰিক বাহিনীটোৰ শতাধিক জোৱানে শনিবাৰে বমডিলা থানাত অনাধিকাৰ প্ৰৱেশ কৰি আৰক্ষীৰ অস্ত্ৰ লুট কৰি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চীনৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত অৰুণাচল স্কাউট নামৰ অৰ্ধ সামৰিক বাহিনীটো গঠন কৰিছিল।
জানিব পৰা মতে, ৱেষ্ট কামেঙ জিলাৰ সদৰ বমডিলাত চলি থকা বৌদ্ধ মহোৎসৱত সুৰাপান কৰি পৰিস্থিতি বিঘ্নিত কৰাৰ অভিযোগত শুকুৰবাৰে নিশা অৰুণাচল স্কাউটৰ দুজন জোৱানক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহিছিল। পিছত ৰাতিয়েই অভিযুক্ত জোৱান দুজনক অৰুণাচল স্কাউটৰ কামাণ্ডেন্টে আহি থানাৰ পৰা শিবিৰলৈ লৈ যায়হি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/3e9509d9-152c-43a6-82f2-0839b40ae4e6.jpg)
কিন্তু শনিবাৰে নিচেই পুৱাতে বমডিলাত থকা অৰুণাচল স্কাউটৰ শিবিৰৰ পৰা শতাধিক স্কাউটৰ জোৱানে আহি বমডিলা থনাখনত আক্ৰমণ কৰে। অৰ্ধসামৰিক বাহিনীৰ জোৱানে ৫খনকৈ আৰক্ষীৰ বাহন ভাঙি পেলোৱাৰ লগতে থানৰ ভাৰপ্ৰাপ্ত বিষয়াজনকো মাৰপিট কৰে। ইয়াতে ক্ষান্ত নাথাকি স্কাউটৰ দলটোৱে থানাৰ পৰা মাৰণাস্ত্ৰও লৈ যায়।
ইফালে, থানাৰ কাষতে থকা গড়কাপ্তানী বিভাগৰ কাৰ্যালয় এটাও স্কাউটৰ জোৱানে শিলগুটি দলিয়াই কৰা আক্ৰমণত ক্ষতিগ্ৰস্ত হয়। পাছত ৱেষ্ট কামেং জিলাৰ উপায়ুক্ত সোনাল স্বৰূপ আৰু আৰক্ষী অধীক্ষক ৰাজা বন্থিয়াই আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচাৰে যদিও জোৱানসকলে দুয়োজনকে অপদস্থ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/fbe1be1a-bd16-4dc7-9425-472b0916b3b1.jpg)
এই ঘটনাৰ পাছত এতিয়া সমগ্ৰ বমডিলা চহৰখনতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়কো অভিযোগ দাখিল কৰিছে আৰু অৰুণাচল স্কাউটৰ অভিযুক্ত জোৱানৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে। এই ঘটনাৰ বাবে বমডিলাৰ বৌদ্ধ মহোৎসৱো ম্লান পৰি গৈছে।
ইফালে শনিবাৰে বমডিলাৰ কেইবাটাও সামাজিক সংগঠনে এক ৰাজহুৱা সভা আহ্বান কৰি অৰুণাচল স্কাউটৰ এই কাৰ্যক গৰিহণা দিছে আৰু এই ঘটনাৰ প্ৰতিবাদত ৫ নৱেম্বৰত বমডিলাত এক প্ৰতিবাদী সমদল উলিয়াব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us