/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-2-1539134824.jpg)
প্ৰতিকী ফটো
ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ত পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। কেন্দ্ৰ চৰকাৰৰে নিজাববীয়াকৈ উৎপাদন শুল্ক ২.৫০ টকা হ্ৰাস কৰি ৰাজ্য চৰকাৰসমূহক কৰ হ্ৰাস কৰিবলৈ দিয়া পৰামৰ্শ অৱশেষত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মেঘালয় চৰকাৰে।
কেন্দ্ৰৰ সিদ্ধান্তৰ পিছতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২.৫০টকাকৈ হ্ৰাস পোৱাত সৰ্বসাধাৰণে লাভ কৰে যথেষ্ট সকাহ। ইয়াৰ পিছতো সৰ্বসাধাৰণে দামবৃদ্ধিক লৈ অসন্তুষ্ট হৈ পৰালৈ চাই মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰে।
বৈঠকৰ অন্তত আজি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনছঙে পেট্ৰ'ল-ডিজেলৰ ওপৰত থকা কৰৰ পৰিমাণ আৰু ২.৫০ টকা হ্ৰাস কৰে। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই নতুন নিৰিখ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ'ব।
বুধবাৰৰ দিনটোত শ্বিলঙত গ্ৰাহকে পেট্ৰ'ল আৰু ডিজেলৰ ক্ৰয় কৰিছে ক্ৰমে ৮১.৬৬ টকা আৰু ৭৩.৯৪ টকাত। কাইলৈ এই দাম ২.৫০ টকাকৈ হ্ৰাস পোৱাৰ খবৰ লাভ কৰি সামান্যকৈ হ'লেও সকাহ লাভ কৰিছে মেঘালয়বাসীয়ে।