কোভিড-১৯ কৰঃ নাগালেণ্ডত বৃদ্ধি কৰা হ’ল পেট্ৰল-ডিজেলৰ মূল্য…

কোভিড-১৯ কৰঃ নাগালেণ্ডত বৃদ্ধি কৰা হ’ল পেট্ৰল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
কোভিড-১৯ কৰঃ নাগালেণ্ডত বৃদ্ধি কৰা হ’ল পেট্ৰল-ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সন্ত্ৰাসৰ বাবে কোঙা হৈ পৰিছে দেশৰ অৰ্থনীতি। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শেহতীয়াকৈ নাগালেণ্ড চৰকাৰে বৃদ্ধি কৰিলে পেট্ৰ'ল–ডিজেলৰ মূল্য। সম্ভৱতঃ প্ৰথমবাৰৰ বাবে নাগালেণ্ড চৰকাৰে পেট্ৰ'ল–ডিজেলত আৰোপ কৰিলে কোভিড-১৯ কৰ। মঙলবাৰে এই কৰ আৰোপ কৰা এক নিৰ্দেশনা জাৰি কৰে চৰকাৰে।

চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰতিলিটাৰ ডিজেলত ৫ টকা বৃদ্ধি পোৱাৰ বিপৰীতে পেট্ৰ'ল আৰু আন পেট্ৰ'লিয়ামজাত সামগ্ৰীত বৃদ্ধি পাব ৬টকাকৈ। উল্লেখ কৰা প্ৰয়োজন যে, ২৮ এপ্ৰিলৰ মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম।