/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/88104da7-bea8-42a4-8f88-12e8e86676ff.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত হৈছিল ৪ৰাজ্যৰ বিধানসভা নিৰ্বাচন। তাৰ ভিতৰত আছিল অৰুণাচলপ্ৰদেশো। অৰুণাচলৰ বিধানসভা নিৰ্বাচনত ৬০খন আসনৰ ভিতৰত ৪১খন আসনৰ দখলেৰে পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে।
দেওবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে ৰাজ্যপাল ড০ বিডি মিশ্ৰৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰে। পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন হোৱালৈকে দায়িত্ব পালন কৰিবলৈ খান্দুক অনুৰোধ জনায় ৰাজ্যপালে।
Called on Hon'ble Governor of Arunachal Brig (Dr) BD Mishra (Retd) this evening at Raj Bhavan. Hon Guv ordered dissolution of the Sixth State Legislative Assembly. pic.twitter.com/NWupwEuNdJ
— Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) May 26, 2019
ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰা কথাটুইটাৰযোগে সদৰি কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে। পদত্যাগ পত্ৰ ৰাজভৱনতদিয়া সময়ত তেওঁক সংগ দিয়ে উপ-মুখ্যমন্ত্ৰী চাওনা মেইনে।