/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/nscn-muibha.jpg)
ডিজিটেল সংবাদ ৱাখাঃ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা ইজৰাইলি স্পাইৱেৰ পেগাছাছৰ ফোন হেকিং কাণ্ডত এইবাৰ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটৰ পাঁচজন গৰাকী শীৰ্ষ নেতাৰ ফোন টেপিঙৰ তথ্য পোহৰলৈ আহিছে । 'দ্যা ৱেৰ' এ প্ৰকাশ কৰা বাতৰি অনুসৰি নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক -মুইভা গোটে ভাৰত চৰকাৰৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ স্বাক্ষৰিত কৰাৰ পিছৰে পৰা ২০১৭ চনৰ পৰা ২০১৯ চনলৈ চাৰি গৰাকী শীৰ্ষনেতা তথা থুইগালেং মুইভা উত্তৰাধিকাৰী বুলি গণ্য কৰা অটেম ভাছুম , ভতিজাক অপম মুইভা , নগা আৰ্মিৰ পূৰ্ব সেনাধ্যক্ষ এনন্থি ছিমৰে আৰু বৰ্তমান সেনাধ্যক্ষ ফুটিঙ ছিমৰাংগৰ ফোন টেপিং কৰি সকলো গতিবিধি নিৰীক্ষণ কৰিছিল ।
আনহাতে ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা ভাগ লোৱা নাগা পলিটিকেল গ্ৰুপৰ সমন্ধয়ক এন কিটভি ঝিমমিৰ ফোন ২০১৯ চনত মাজভাগত টেপিঙ কৰাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখযোগ্য যে ২০১৯ চনত এন এছ চি এনৰ সৈতে ভাৰতৰ চৰকাৰৰ আলোচনা বিফল হোৱাৰ পিছত সেনাধ্যক্ষ ফুটিঙ ছিমৰাংগ আৰু অপম মুইভাই নাগালেণ্ড এৰি ইষ্টাৰ্ণ নাগালেণ্ড হৈ চীনলৈ যোৱা তথ্য পোহৰলৈ অহাত তেওঁ লোকৰ ফোন তথ্য টেপিঙৰ জৰিয়তে গতিবিধিৰ নিৰীক্ষণ কৰা হৈছিল ।
উল্লেখযোগ্য যে পেগাছাছৰ এই হেকিঙ কাণ্ড 'দ্যা ৱেৰ'ৰ ডাটা বেছত লীক হোৱাৰ পাছত এন এছ চি এন আই এমে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষনীয় হ'ব ।