আকৌ প্ৰমাণ হ’ল ৰামদেৱ আধা যোগী, আধা বেপাৰীঃপতঞ্জলীৰ ভুৱা কোৰোনাৰ ঔষধ আৱিষ্কাৰ…

আকৌ প্ৰমাণ হ’ল ৰামদেৱ আধা যোগী, আধা বেপাৰীঃপতঞ্জলীৰ ভুৱা কোৰোনাৰ ঔষধ আৱিষ্কাৰ…

author-image
asomiyapratidin
New Update
আকৌ প্ৰমাণ হ’ল ৰামদেৱ আধা যোগী, আধা বেপাৰীঃপতঞ্জলীৰ ভুৱা কোৰোনাৰ ঔষধ আৱিষ্কাৰ…

কোৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ঔষধ প্ৰস্তুত কৰি উজুটি খালে পটঞ্জলী আয়ুৰ্বেদে। কোৰোনাৰ ঔষধ প্ৰস্তুত কৰি বিক্ৰীৰ বাবে বিজ্ঞাপন আৰম্ভ কৰাৰ সময়তে পটঞ্জলীৰ বিৰুদ্ধে থিয় দিছে আয়ুস মন্ত্ৰালয়। নতুনকৈ পটঞ্জলীয়ে মেডিচাইন কিট প্ৰস্তুত কৰাৰ বাবে অনুমতি বিচৰাৰ সময়ত এইয়া যে কোৰোনা ভাইৰাছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব সেই কথা জনোৱা নাছিল। যাৰ বাবে প্ৰকাশ আৰু প্ৰচাৰ কৰা বিজ্ঞাপনত নিষেধাজ্ঞা আৰোপ কৰিছে আয়ুস মন্ত্ৰালয়ে।

কোৰোনাৰ ঔষধ বুলি কোৱাৰ সলনি কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে কাঁহ আৰু জ্বৰৰ ঔষধৰূপেহে পটঞ্জলীয়ে এই কিট প্ৰস্তুত কৰিবলৈ বুলি অনুমতি বিচাৰিছিল। কৰনীল আৰু স্বাছাৰিৰ দ্বাৰা প্ৰস্তুত কৰা এই কিট পৰীক্ষাৈ কৰাৰ সময়ত ১০০ শতাংশই সফলতা লাভ কৰা বুলি যোগগুৰু ৰামদেৱে সদৰি কৰিছিল।

এই কোৰোনা কিটৰ বিজ্ঞাপন বন্ধ কৰি আয়ুস মন্ত্ৰালয়ে কিহৰ দ্বাৰা ঔষধ প্ৰস্তুত কৰা হৈছে সেই সম্পৰ্কে জ্ঞাত কৰাবলৈহে নিৰ্দেশ দিয়ে। লগতে এই কিট প্ৰস্তুত কৰাৰ সময়ত কেনেদৰে গৱেষণা কৰা হৈছিল আৰু কোন কোন হাস্পতালত পৰীক্ষা কৰা হৈছিল সেই কথাও জনাবলৈ নিৰ্দেশ দিয়ে আয়ুস মন্ত্ৰালয়ে। কেৱল এয়াই নহয় ক্লিনিকেল পৰীক্ষা কৰাৰ বাবে পটঞ্জলীৰ এই কোৰোনা কিটৰ পঞ্জীয়ন হৈছিলনে আৰু ইনষ্টিটিউচনেল এথিকছ কমিটিৰ পৰা অনুমতি লাভ কৰিছিলনে সেই কথাও জনাবলৈ নিৰ্দেশ দিছে আয়ুস মন্ত্ৰালয়ে।

পটঞ্জলীৰ এই ঔষধ প্ৰসংগত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰাখণ্ড চৰকাৰে। উত্তৰাখণ্ড চৰকাৰৰ আয়ৰবেদ বিভাগৰ অনুজ্ঞাপত্ৰৰ বিষয়া ৱাই এই ৰাৱটে এই সম্পৰ্কত কয়, ''আমি পটঞ্জলীক তেওঁলোকে দিয়া আবেদন অনুসৰি অনুঞ্জাপত্ৰ দিছিলো। তেওঁলোকে কোৰোনা ভাইৰাছ বুলি লিখা নাছিল আবেদনত। আমি কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা, কাঁহ আৰু জ্বৰৰ ঔষধৰ বাবেহে অনুমতি দিছিলো পটঞ্জলীক। কোৰোনাৰ কিট প্ৰস্তুত কৰাৰ বাবে তেওঁলোকে কেনেদৰে অনুঞ্জাপত্ৰ পালে সেই সম্পৰ্কত কাৰণ দৰ্শোৱাৰ বাবে আমি জাননী প্ৰেৰণ কৰিম।