পাকয়ং বিমান বন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

পাকয়ং বিমান বন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

author-image
asomiyapratidin
New Update
পাকয়ং বিমান বন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল সংবাদ, গেংটকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ছিক্কিমৰ গেংটকৰ সমীপৱৰ্তী পাকয়ং বিমান বন্দৰ উদ্বোধন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী সুৰেশ প্ৰভু।

ছিক্কিমৰ মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙো উপস্থিত আছিল অনুষ্ঠানটোত। উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ বাবে দেওবাৰে আহি ছিক্কিমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী।

তেওঁ ৰাতিটো গেংটকৰ ৰাজ ভৱনত কটাই সোমবাৰে পুৱাই বিমান বন্দৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল। ৪৫০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে দেশৰ শততম এই বিমান বন্দৰটো।