/asomiyapratidin/media/media_files/2025/01/25/lKRAeIhUEosz2t0SktZ4.png)
ডিজিটেল ডেস্কঃ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰপতিয়ে দেশৰ চতুৰ্থস্থানৰ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান ঘোষণা কৰিছে। দেশৰ বিভিন্ন ৰাজ্যৰ বহু কেইগাৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অসমৰ বিশিষ্ট লোকশিল্পী জয়নাচৰণ বাথাৰীলৈয়ো আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
বিশিষ্ট লোকশিল্পীগৰাকীয়ে যোৱা ছটা দশক ধৰি ডিমাছা লোক সংগীতৰ চৰ্চা কৰি থকাৰ লগতে ইয়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাম কৰি আহিছে। ডিমাছা লোকসংগীতত ব্যৱহাৰ কৰা বাদ্যসমূহো তেওঁ সংৰক্ষণ কৰিছে।
৮৪ বছৰীয়া লোকশিল্পৰ সাধকগৰাকীয়ে ডিমাছা লোকবাদ্য খ্ৰাম (ড্ৰাম) আৰু মুৰী (বাঁহী)ৰ চৰ্চা কৰাৰ লগতে ডিমাছা নৃত্য বাইডিমা, যাওবানী, যাওপিনবানীলৈয়ো নতুনত্ব আনিছে।
ডিমাছা সংস্কৃতিৰ সাধনা কৰা এইগৰাকী শিল্পীয়ে ডিমাছা লোক কাহিনীকো লিপিবদ্ধ কৰিছে। তেওঁ লিখি উলাইছে The Monkey and the Tortoise আৰু Tale of an elderly Dimasa couple শীৰ্ষক লোক কাহিনীৰ গ্ৰন্থ।
উল্লেখ্য যে, এইগৰাকী লোক শিল্পীৰ উপৰিও চুবুৰীয়া নাগালেণ্ডৰ ৮৪ বছৰীয়া ফলৰ খেতিয়ক এল হাংথিং, অৰুণাচল প্ৰদেশৰ ৫৯ বৰ্ষীয় সামাজিক কৰ্মী জুমডে য়মগাম গামলিন, ছিকিমৰ ৭০ বছৰীয়া নেপালী লোক সংগীতৰ শিল্পী নৰেন গুৰুংলৈয়ো আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
ইয়াৰে নাগালেণ্ডৰ এল হাংথিঙে যোৱা ৩০ বছৰে অনা-দেশীয় ফলৰ খেতি কৰি আহিছে। নাগালেণ্ডত তেওঁৱেই প্ৰথমে অনা-দেশীয় ফলৰ খেতিৰ পাতনি মেলিছিল। তেওঁ ৰাজ্যখনৰ ৪০ খন গাঁৱৰ প্ৰায় ২০০ খেতিয়ককো এনে খেতিৰ জ্ঞান দিছে। এই ৪০ খন গাঁৱৰ হাজাৰৰো অধিক খেতিয়ক তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছে।
অৰুণাচলৰ সমাজকৰ্মী জুমডে য়মগাম গামলিনে যোৱা ৩ দশক ধৰি সমাজ সংস্কাৰৰ কামত জড়িত হৈ আছে। তেওঁ মাডাৰ্ছ ভিজন নামৰ এটা বেচৰকাৰী সংস্থাৰ জন্ম দি ৩০ খন বিচনাযুক্ত আধ্যাত্মিক নিচামুক্তি কেন্দ্ৰ স্থাপন কৰিছে।এই সংস্থাৰ জৰিয়তে মহিলা, স্থানীয় নেতৃত্ব আৰু জিলা প্ৰশাসনৰ সহযোগত গেকু, কাটান আদি অঞ্চলত গঢ়ি উঠা ভাং, অপিয়াম আদি খেতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি গঢ়ি তুলিছে।
তাৰোপৰি তেওঁৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে ৭০০ ৰো অধিক ব্যক্তিক স্বাৱলম্বী কৰি তোলাৰ লগতে নিচাৰ আসক্তি দূৰ কৰিবলৈ সক্ষম হৈছে। তেওঁ ৰাজ্যখনৰ ২০০০ৰো অধিক মহিলাক প্ৰশিক্ষণ প্ৰদানেৰ লগতে অৰ্থনৈতিক সহযোগিতাৰে স্বাৱলম্বী হোৱাত সহায়ৰ হাত আগবঢ়াইছে।
ছিকিমৰ নেপালী লোক সংগীতৰ সাধক নৰেন গুৰুঙকো পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। তেওঁ ৬০ বছৰ ধৰি ছিকিমৰ নেপালী লোক সংগীত আৰু নৃত্যক সংৰক্ষণৰ লগতে প্ৰচাৰৰ বাবে কাম কৰি আহিছে।