/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/arunachal-pic.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পাছিঘাটত মঙলবাৰে নিশা নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাড আৰু আৰু আৰক্ষীৰ তালাচীত জব্দ হোৱা এক কোটি আশী লাখ টকাৰ গৰাকী পোহৰলৈ আহিছে যদিও ৰহস্য এতিয়াও মাৰ যোৱা নাই ৷ পাছিঘাটৰ চিয়াং গেষ্ট হাউচত এ আৰ ০৯ বি ৩৭৯৭ নম্বৰৰ স্কপিঅ' গাড়ীখনৰ প্ৰকৃত গৰাকী আছিল মেবো বিধান সভা সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থী ডেংগি পাৰমেৰ পুত্ৰ ক্ৰিষ্টোফাৰ পাৰমেৰ । এ আৰ ০১ কে ০০০৯ নম্বৰৰ গাড়ীখন অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰিবহন বিভাগৰ সচিব পাৰমেৰ আছিল৷ সেই অনুসৰি ক্ৰিষ্টোফাৰ পাৰমেই তেওঁৰ গাড়ীৰ ভিতৰৰ পৰা জব্দ কৰা এক কোটি টকা নিজা টকা আছিল ৷
দুটুকুৰা মাটি বিক্ৰী কৰি দুজন ব্যক্তিৰ পৰা পোৱা ধনৰ উপৰি পৰিয়ালৰ ব্যক্তিৰ পৰা ধাৰে লোৱা ধন আছিল সেই এক কোটি টকা ৷ক্ৰিষ্টোফাৰে পাছিঘাটৰ দণ্ডাধীশৰ ওচৰত লিখিত আবেদন জমা দিছে আৰু ধনখিনি তেওঁৰ বৈধ ধন বুলি দাবী কৰিছে ৷ তেওঁৰ দাবীৰ সমৰ্থনত দণ্ডাধীশৰ ওচৰত কেতবোৰ নথি-পত্ৰও জমা দিছে ক্ৰিষ্টোফাৰে ৷
আনহাতে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰিবহন বিভাগৰ নামত পঞ্জীয়নভুক্ত এ আৰ ০১ কে ০০০৯ নম্বৰৰ গাড়ীখনৰ পৰা জব্দ কৰা আশী লাখ টকা নিজৰ বুলি দাবী কৰিছে এজন প্ৰাক্তন কংগ্ৰেছ বিধায়কে ৷ ৰালম ব'ৰাং নামৰ এই প্ৰাক্তন কংগ্ৰেছী বিধায়কজনে দণ্ডাধীশৰ ওচৰত জব্দকৰা ধনখিনি তেওঁৰ ব্যক্তিগত ধন বুলি দাবী কৰিছে আৰু মাৰিয়াং নামৰ ঠাইখনত মাটি কিনিবৰ বাবে ধনখিনি লৈ গৈছিল বুলি প্ৰকাশ কৰিছে ৷ পেছাত এজন অধিবক্তা তথা গাড়ী ব্যৱসায়ী ব'ৰাঙে ধন সৰবৰাহ কৰিবলৈ কেনেকৈ চৰকাৰী গাড়ী ব্যৱহাৰ কৰিবলৈ সুবিধা পালে সেয়া ৰহস্যজনক ৷
উল্লেখ্য যে সেই নিৰ্দিষ্ট গাড়ীখন কিছুদিনৰ পূৰ্বলৈকে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ কনভয়ত ব্যৱহাৰ হৈছিল ৷ তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যি সময়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডু চিয়াং গেষ্ট হাউচত উপস্থিত আছিল সেই সময়তে আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে তেওঁৰ কনভয়ত পূৰ্বে ব্যৱহাৰ হোৱা ফৰচুনাৰ গাড়ীখনৰ পৰা আশী লাখ টকা জব্দ হৈছিল ৷ অৰুণাচল প্ৰদেশ নিৰ্বাচন আয়োগৰ অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়া কংকি ডাৰাঙে উক্ত ধন সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰিছে আৰু এই সন্দৰ্ভত আয়কৰ বিভাগে পৰৱৰ্তী তদন্ত কৰিব বুলি জানিবলৈ দিছে ৷
আয়কৰ বিভাগৰ সুত্ৰই জানিবলৈ দিয়া মতে তেওঁলোকে আয়কৰ আইন ১৯৬১ ৰ ধাৰা ১৩২(এ) অনুসৰি জব্দ কৰা ধনখিনিৰ উৎস আৰু গৰাকী সন্দৰ্ভত তদন্ত কৰিব ৷ আয়কৰ বিভাগে অচিৰেই ৰালম ব'ৰাং আৰু ক্ৰিষ্টোফাৰ পাৰমেক বিভাগৰ তদন্তকাৰী বিষয়াই জেৰাৰ বাবে চমন দাখিল কৰিব বুলি জানিবলৈ দিছে ৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, আয়কৰৰ এই তদন্তত ধন সৰবৰাহ কৰাত ব্যৱহাৰ হোৱা চৰকাৰী গাড়ীৰ বিষয়টো তদন্তৰ আওতালৈ অহাৰ সম্ভৱনা নাই ৷ যদিও প্ৰাক্তন কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীত সৰবৰাহ কৰা সেই জব্দ কৰা ধন নিজৰ বুলি দাবী কৰিছে, কিন্তু সেই আশী লাখ টকাৰ প্ৰকৃত গৰাকী কোন আছিল সেয়া উদ্ধাৰ কৰাটো কঠিন হ'ব ৷