/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/549188b3-e11c-4f1b-b675-533b9a005849.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই বৃহস্পতিবাৰে মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ কৰে। বৃহস্পতিবাৰে পি বি আচাৰ্যক ৰাজভৱনৰ দৰবাৰ হলত এক অনুষ্ঠানত ইম্ফল উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এল এছ জমিৰে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।
এই শপত গ্ৰহণ অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, তেওঁৰ কেবিনেট সতীৰ্থ , ৰাজ্যসভাৰ সদস্য আৰু চৰকাৰী বিষয়াসকল উপস্থিত থাকে । উল্লেখযোগ্য যে, মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুলা ছুটীত যোৱাৰ বাবে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য এনেদৰে মণিপুৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰে।