/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DvehNRrU0AA97Q4.jpg)
ডিজিটেল ডেস্কঃ মেঘালয়ৰ অবৈধ কয়লাখনিৰ দ' খাৱৈত আৱদ্ধ ১৩ জন শ্ৰমিক উদ্ধাৰৰ বাবে শুকুৰবাৰে পুৱাই ৰাজ্যখনলৈ ৰাওনা ওড়িশ্যা অগ্নিনিৰ্বাপক বাহিনীৰ আৰু বিশেষ উদ্ধাৰকাৰীৰ দল। মেঘালয়লৈ ৰাওনা হোৱা দলটোক সহায় কৰিব স্থানীয় উদ্ধাৰকাৰী দলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DvehQHDVsAABLO_.jpg)
লক্ষণীয় যে, এই ঘটনা সংঘটিত হোৱা ১৬ দিন সম্পূৰ্ণ হোৱাৰ পাছতো উদ্ধাৰ হোৱা নাই মেঘালয়ৰ অবৈধ কয়লাখনিৰ দ' খাৱৈত আৱদ্ধ এজনো শ্ৰমিক। সেয়েহে শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ ৰাজ্যখনলৈ আজি পুৱা ৰাওনা হয় ওড়িশ্যাৰ উদ্ধাৰকাৰী দল।