/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/67d46bed-7d08-4ac9-b002-1307523b72ba.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগা বিদ্ৰোহী সংগঠন এনএছচিএন মুইভা গোট আৰু ছয় ৰাজনৈতিক গোটৰ ৱৰ্কিং সমিতিৰ এগৰাকী বিদেশী সদস্য এণ্ডিউ ক্লাকৰ যোৱা বুধবাৰে দেহাৱসান ঘটে। বিদ্ৰোহী সংগঠনটোৰ পৰামৰ্শদাতা এণ্ডিউ ক্লাকে বিগত সময়চোৱাত ভাৰতৰ চৰকাৰৰ সৈতে হোৱা নগা শান্তি আলোচনাৰ বাবে মাধ্যম হিচাপে কাম কৰা নাগা ৱৰ্কিং সমিতিৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল। বিগত সময়চোৱাত এণ্ডিউ ক্লাকে ইণ্ডো – নাগা ৰাজনৈতিক সমস্যা সমাধান আৰু নগাসমূহক বিদ্ৰোহী গোটক একত্ৰিকৰণত ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/67d46bed-7d08-4ac9-b002-1307523b72ba-1024x689.jpg)
তেওঁ নগা বিদ্ৰোহী সংগঠনসমূহৰ মাজত থকা মতপাৰ্থক্য দূৰ কৰি ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত নগা চুক্তি স্বাক্ষৰ কৰিবলৈ আগুৱাই অনাত গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰাৰ উপৰিও বিদ্ৰোহী গোটক একত্ৰিত কৰিব বাবে কেইবাবাৰো নতুন দিল্লী আৰু এনএছচিএনৰ মুখ্য কাৰ্যালয় কেম্প হেব্ৰন ভ্ৰমণ কৰিছিল আৰু তেওঁ এন এছ চি এনৰ সামূহিক নেতৃত্বত লগ ধৰি আলোচনাত মিলিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/5c41b473-bc08-4bb9-8a1c-49c2d32efba7.jpg)
উল্লেখযোগ্য যে, এনএছচিএনআইএমৰ এইগৰাকী বিদেশী পৰামৰ্শদাতা এণ্ডিউ ক্লাকৰ মৃত্যুত নাগা ৱৰ্কিং সমিতি আৰু এন এছ চি এনে মুইভা গোটে গভীৰ শোক প্ৰকাশ কৰিছে।