/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/41e15b35-9abb-4d10-8964-b9b9aee31722.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ লকডাউনৰ বাবে আবদ্ধ হৈ থকা মণিপুৰৰ সেনাপতি জিলাৰ নগা অধ্যুষিত এলেকাৰ গাঁওবাসীক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/764d18ea-a47d-48d4-a487-e727381076c3.jpg)
শুক্ৰবাৰে সেনাপতি জিলাৰ হুথ্ৰংগ ব্ৰিগেডৰ ডেজিগনেটত শিবিৰত শতাধিক গাঁৱৰ ৰাইজক এই খাদ্য সামগ্ৰী বিতৰণ কৰে এন এছ চি এনৰ বিষয়াসকলে । খাদ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি ইউনাইটেড নগা কাউন্সিলৰ প্ৰাক্তন সভাপতি কে এছ পিলেৱে কয়, মহামাৰী মানৱ জাতিৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/41e15b35-9abb-4d10-8964-b9b9aee31722.jpg)
আৰু এনে মানৱীয় সংকটৰ সময়ত নগাসকল একত্ৰিত হোৱাৰ প্ৰয়োজন । উল্লেখযোগ্য যে এন এছ চি এনে ৰাইজক চাউল , দাইল আলু , মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ঘৰত সুৰক্ষিত হৈ থাকিবলৈ আহবান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/3ca91118-bd99-421c-aeee-adf2815f485d-2.jpg)