অৰ্থনৈতিক পেকেজ প্ৰত্যাখ্যান, নগা সমস্যা ৰাজনৈতিক সমাধানহে লাগে….

অৰ্থনৈতিক পেকেজ প্ৰত্যাখ্যান, নগা সমস্যা ৰাজনৈতিক সমাধানহে লাগে….

author-image
asomiyapratidin
New Update
অৰ্থনৈতিক পেকেজ প্ৰত্যাখ্যান, নগা সমস্যা ৰাজনৈতিক সমাধানহে লাগে….

ডিজিটেল সংবাদ,ডিমাপুৰঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক-মুইভা গোটে নগা সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা বৃহৎ অৰ্থনৈতিক পেকেজ পুনৰবাৰ প্ৰত্যাখ্যান কৰাৰ কথা স্পষ্ট কৰিছে।  সোমবাৰে সংগঠনটোৰ ডিমাপুৰৰ কেম্প হেব্ৰনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৪৩ সংখ্যক প্ৰতিষ্ঠা দিবসত দিয়া ভাষণ এন এছ চি এন মুইভা গোটৰ সভাপতি কিউ টুছুৱে  কয় যে ২০১৫ চনত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ  ৰাজনৈতিক তাৎপৰ্য এয়ে যে এই চুক্তি মাজেদি ভাৰত চৰকাৰ আৰু এন এছ চি এনে এক চুক্তিত প্ৰবেশ কৰিছে । য'ত যৌথ সাৰ্বভৌম ভিত্তিত দটা পৃথক সত্তাৰ  শান্তিপূৰ্ণ সহাৱস্থান বাবে এক নতুন সম্পৰ্ক কথা আছে। ই নগাভূমিৰ শান্তিৰ বাবে এক সন্মানজনক গ্ৰহণযোগ্য সমাধানৰ মূল ছাবি কাঠি।  সভাপতি টুচ্ছুৱে কয় এন এছ চি এন  সম্পূৰ্ণভাৱে ভাৰত চৰকাৰে আগবঢ়োৱা অৰ্থনৈতিক পেকেজৰ বিৰোধী,  কিয়নো ই নগা সমস্যাৰ দীৰ্ঘস্থায়ী সমাধান নিদিয়ে।

 ইয়াৰ বিপৰীতে এন এছ চি এনে ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ নিয়ম মানি চলিব গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় ২৪ বছৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু  বৰ্তমানেও সেই ৰাজনৈতিক আলোচনা অব্যাহত আছে ।ইপিনে যোৱা ৪ আৰু ৫ ডিচেম্বৰ মন জিলাৰ অটিঙত সংঘটিত সেনাৰ গণহত্যাৰ সন্দৰ্ভত প্ৰথম বাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন এছ চি এনৰ সভাপতি গৰাকীয়ে কয় যে আমি কন্যাক জনগণৰ সৈতে আছো আৰু ন্যায় প্ৰাপ্তিৰ বাবে সংগ্ৰাম চলাই যাব। উল্লেখযোগ্য যে নগা সমস্যাৰ অন্তিম সমাধানত এন এছ চি এনৰ বৃহৎ সংখ্যক কেডাৰ বাবে সংস্থাপনৰ বাবে বিষয়টোৱে বিশেষ চৰ্চা চলিছিল।