সেনাৰ বৃহৎ সফলতাঃ নাগালেণ্ডৰ মন জিলাত ম্যানমাৰস্থিত এন এছ চি এন কে’ৰ মেজৰ জেনেৰেল গ্ৰেপ্তাৰ

সেনাৰ বৃহৎ সফলতাঃ নাগালেণ্ডৰ মন জিলাত ম্যানমাৰস্থিত এন এছ চি এন কে’ৰ মেজৰ জেনেৰেল গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
সেনাৰ বৃহৎ সফলতাঃ নাগালেণ্ডৰ মন জিলাত ম্যানমাৰস্থিত এন এছ চি এন কে’ৰ মেজৰ জেনেৰেল গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ৱাখাঃ চোৰাংচোৱাৰ বিশেষ খবৰৰ ভিত্তিত শনিবাৰে সেনাৰ বিশেষ গোট আৰু আছাম ৰাইফলছ যৌথ অভিযানত ম্যানমাৰস্থিত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন কেৰ য়ুংগ আঙ গোটৰ স্বয়ম্ভূ মেজৰ জেনেৰেল য়ামঘামক ওৰফে মৌপাক নাগালেণ্ডৰ মন জিলাৰ আবৈত গ্ৰেপ্তাৰ কৰে।

আছাম ৰাইফলছৰ সঞ্চালক প্ৰধান পি চি নায়াৰে শনিবাৰে ৰাজধানী ক'হিমাত এই কথা সদৰী কৰে। তেওঁ কয় যে, এন এছ চি এনৰ এগৰাকী শীৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰাটো সেনা বাহিনীৰ বাবে এক বৃহৎ সফলতা।

উল্লেখ্য যে, যোৱা ২৫ মে'ত মন জিলাত আছাম ৰাইফলছৰ ওপৰত কৰা আক্ৰমণত দুজন জোৱান নিহত হোৱা ঘটনাৰ সৈতে এই দুৰ্ধষ বিদ্ৰোহী মৌপা জড়িত আছিল।