নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক

নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক

author-image
asomiyapratidin
New Update
নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ মাজত নতুন দিল্লীত মঙলবাৰে বাৰ্ষিক যুদ্ধ বিৰতি সমীক্ষাৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষৰ মাজত যুদ্ধ বিৰতি গ্ৰাউণ্ড ৰুলৰ সন্দৰ্ভত বিশেষভাৱে চৰ্চা হয়। কেন্দ্ৰীয় গৃহ মন্ট্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে বুধবাৰে সদৰি কৰা মতে কেন্দ্ৰ আৰু এন এছ চি এনৰ (আই এম) মাজৰ এই বৈঠক সৌহাদ্যপূৰ্ণ আছিল।

বৈঠকত এন এছ চি এনৰ ফালৰ পৰা উত্থাপন কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় যদিও যুদ্ধ বিৰতি সমিতিৰ অধ্যক্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ সেনাৰ প্ৰধান লেফটেনেণ্ট জেনেৰেল ছকিন চৌহান উপস্থিত নথকাৰ বাবে কেতবোৰ বিষয় বাদ দিয়া হয়। এই বৈঠকত এন এছ চি এনৰ (আই এম)ৰ দহজনীয়া প্ৰতিনিধি দলৰ সৈতে অংশগ্ৰহণ কৰে নগা আৰ্মিৰ সেনাধ্যক্ষ ফুটিঙ ছিমৰাঙে।

তেওঁ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠকৰ সন্দৰ্ভত কয় যে, আলোচনা সৌহাদ্যপূৰ্ণ আছিল। দুয়োপক্ষৰ মাজত যিবোৰ আলোচনা হ'ল ই ভাৰত চৰকাৰ আৰু নগাসকলক ভৱিষ্যতে লাভাম্বিত কৰিব। ছিমৰাঙে আৰু কয় যে, এন এছ চি এন আঠদশকজোৰা নগা সমস্যা সমাধানত যথেষ্ট চিন্তিত যদিও বিগত ২২ বছৰ যুদ্ধ বিৰতিৰ চুক্তি ধাৰ্য ধৰি অপেক্ষা কৰি আছে। এন এছ চি এনে(আই এম) ইতিমধ্যে নগা সমস্যা সমাধানত স্থিতি স্পষ্ট কৰিছে।