নগা শান্তি আলোচনাৰ মাজতে কেম্প হেব্ৰনৰ পৰা পলায়ন নগা বিদ্ৰোহী সংগঠন এনএছচিএন (আই এম)ৰ ৩ শতাধিক কেডাৰ…

নগা শান্তি আলোচনাৰ মাজতে কেম্প হেব্ৰনৰ পৰা পলায়ন নগা বিদ্ৰোহী সংগঠন এনএছচিএন (আই এম)ৰ ৩ শতাধিক কেডাৰ…

author-image
asomiyapratidin
New Update
নগা শান্তি আলোচনাৰ মাজতে কেম্প হেব্ৰনৰ পৰা পলায়ন নগা বিদ্ৰোহী সংগঠন এনএছচিএন (আই এম)ৰ ৩ শতাধিক কেডাৰ…

ডিজিটেল সংবাদ, বেকাজানঃ নতুন দিল্লীত ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী এন এছ চি এন (আই এম)ৰ মাজত নগা শান্তি আলোচনা চলি থকাৰ মাজতে হঠাতে নাগালেণ্ডৰ ডিমাপুৰৰ কেম্প হেব্ৰনৰ পৰা সংগঠনটোৰ প্ৰায় তিনি শতাধিক কেডাৰে গোপনে পলায়ন কৰা বুলি জানিব পৰা গৈছে। এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা মতে বৃহস্পতিবাৰৰ নিশাৰ পৰা  এন এছ চি এনৰ মুখ্য কাৰ্যালয় হেব্ৰনৰ এই কেডাৰসকলে অসামৰিক পোছাক অস্ত্ৰসহ লৈ বিভিন্ন বাহনত উঠি পলায়ন কৰে।

এই কেডাৰসকলে ডিমাপুৰৰ কেম্প হেব্ৰনৰ পৰা বিভিন্ন পথেৰে মণিপুৰৰ ম্যানমাৰ সীমান্তৰ মৰে চহৰত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কি কাৰণত হঠাতে এন এছ চি এন (আই এম)ৰ বৃহৎ সংখ্যক বিদ্ৰোহীসকলে এনেদৰে মুখ্য কাৰ্যালয় এৰি পলায়ন কৰিছে সেয়া জানিব পৰা  হোৱা নাই। অৱশ্যে কেম্প হেব্ৰনৰ পৰা  এন এছ চি এন (আই এম)ৰ বিদ্ৰোহীসকল প্ৰকৃততে পলায়ন কৰিছেনে নাই সেই বিষয়ে বিদ্ৰোহী সংগঠনটোৱে এতিয়ালৈ নিশ্চিত একো তথ্য প্ৰকাশ কৰা নাই।

ইফালে মণিপুৰৰ এটা টেলিভিছন চেনেলত এন এছ চি এন (আই এম)ৰ তিনি শতাধিক কেডাৰ পলায়ন কৰা বুলি বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে মণিপুৰৰ সীমান্তত সতৰ্কতা জাৰি কৰি নিৰাপত্তা বাহিনীয়ে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। কেম্প হেব্ৰনৰ পৰা আই এমৰ কেডাৰসকল পলায়ন কৰিছে নে  সেয়া ভাৰতীয় নিৰাপত্তা সংস্থাসমূহেও বৰ্তমানৰ লৈকে নিশ্চিত কৰা নাই।