/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/NSCN-K.jpg)
ফাইল ফটো
ডিজিটেল সংবাদ, ৱাখাঃ বিগত ২০১৮ বৰ্ষত ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন কেৰ খাংগো কন্যাক গোটে সম্প্ৰতি তেওঁলোকৰ দাবী আৰু চৰ্ত পুনৰ নকৰা বুলি ভাৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰিছে। বৃহস্পতিবাৰে সংগঠনটো এম আই পিৰ পৰা জাৰি কৰাৰ এক বাৰ্তাত এই বুলি কোৱা হৈছে যে, এন এছ চি এন কেৰ খাংগো কন্যাক গোটে যোৱা বছৰ যুদ্ধ বিৰতিৰ পূৰ্বে যি চাৰিটা দাবী আৰু চৰ্ত পূৰণ ভিত্তিত এই সংৰ্ঘষ বিৰতি চুক্তিৰে নগা শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল, বৰ্তমান ভাৰত চৰকাৰে সেই দাবী আৰু চৰ্তবোৰ পূৰণ কৰা নাই।
উল্লেখযোগ্য যে, ২০১৮ চনত ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাংগো গোটে ভাৰতলৈ উভতি আহি যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰি বৰ্তমান চলি থকা নগা শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ চৰকাৰৰ শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ পূৰ্বে এন এছ চি এন খাংগো গোটে কেন্দ্ৰক চাৰিটা চৰ্ত পূৰণৰ দাবী বান্ধি দিছিল।
ভাৰত চৰকাৰেও তেতিয়া সেই দাবী মানি লৈ বিদ্ৰোহী গোটটোৰ সৈতে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল। উল্লেখ্য যে, খাংগো গোটে তেতিয়া তেওঁলোকৰ কেডাৰক শীঘ্ৰে জেলৰ পৰা মুক্তি দিয়া, সংগঠনটোৰ পিঠিৰ পৰা সন্ত্ৰাসবাদী লেভেল প্ৰত্যাহাৰ কৰা আৰু ইষ্টাৰ্ণ নাগালেণ্ডৰ পৰা কলা আস্পা আইন প্ৰত্যাহাৰ কৰা চৰ্ত পূৰণ দাবী বান্ধি দিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা ভাৰত চৰকাৰেও সকলো দাবী মানি লম বুলি কৈ যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰা এবছৰ পাৰ হৈ যোৱাৰ পিছতো ভাৰত চৰকাৰে তেওঁলোকৰ নিজৰ সেই দাবী আৰু প্ৰতিশ্ৰুতি পালন নকৰা বুলি বৃহস্পতিবাৰে এনেদৰে অভিযোগ কৰিছে।
আনহাতে এন এছ চি এন খাংগো গোটে সেনা বাহিনীয়ে তেওঁলোকৰ কেডাৰক অযথা হাৰাশাস্তি কৰাটোৱে যুদ্ধ বিৰতি চুক্তি উলংঘা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। সম্প্ৰতি বিদ্ৰোহী সংগঠনটোৱে ভাৰত চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহবান জনাইছে।