/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/803ce747-438f-4097-87b6-8b45d458e2da.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ বিৰোধী দল নগা পিপলছ ফ্ৰণ্টৰ দুই বিধায়কে বৃহস্পতিবাৰে নেইফিঅ ৰিঅৰ নেতৃত্বাধীন শাসনাধীস্থ এন ডি পি পি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । এন ডি পি পি দলৰ মুখপাত্ৰ মেৰেণটছি আৰ জমিৰে জানিবলৈ দিয়ামতে এন ডি পি পিত যোগ দিয়া এনপি এফৰ বিধায়ক দুজন হৈছে এল খুমে আৰু ইনাটিবা ।
এন ডি পি পি দলত যোগদান কৰাৰ সন্দৰ্ভত কয় যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ" ৰিঅ' আৰু বিজেপিৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাটনৰ শক্তিশালী নেতৃত্বত এখন স্থিৰ চৰকাৰৰ স্বাৰ্থৰ বাবে তেঁওলোকে এনেদৰে এন ডি পি পিত যোগদান কৰে ।