গীৰ্জাসহ ২০০ ৰো অধিক ঘৰ ভাঙিলে ধুমুহাই….

গীৰ্জাসহ ২০০ ৰো অধিক ঘৰ ভাঙিলে ধুমুহাই….

author-image
asomiyapratidin
New Update
গীৰ্জাসহ ২০০ ৰো অধিক ঘৰ ভাঙিলে ধুমুহাই….

ডিজিটেল ডেস্কঃ অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্যবোৰত অব্যাহত আছে ধুমুহা, বৰষুণৰ তাণ্ডৱ। চুবুৰীয়া মিজোৰামত ধাৰাষাৰ বৰষুণৰ লগতে অহা ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ খবৰ লাভ কৰা গৈছে। ৰাজ্যখনৰ কোলাচিব আৰু মামিত জিলাত এটা গীৰ্জাকে ধৰি ২০০ তকৈও অধিক ঘৰৰ ক্ষতি হোৱাৰ খৱৰ লাভ কৰা হৈছে।

অৱশ্যে এই ধুমুহাৰ ফলত কোনো লোক হতাহতি হোৱা নাই। ৰাজ্যখনৰ কোলাচিব জিলাত কমেও ২২০ টা ঘৰ আৰু গীৰ্জাৰ ভৱন ক্ষতিগ্ৰস্ত হৈছে। আনহাতে অসম সীমান্তৰ মামিত জিলাত প্ৰায় ১৮ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

ক্লিক কৰি পঢ়কঃপ্ৰচণ্ড ধুমুহাই লুইতত বুৰালে ১৫ খন ইঞ্জিনচালিত নাও…