ইটানগৰত শনিবাৰৰ পৰা বলবৎ কৰা হ’ব নৈশ সান্ধ্য আইন…

ইটানগৰত শনিবাৰৰ পৰা বলবৎ কৰা হ’ব নৈশ সান্ধ্য আইন…

author-image
asomiyapratidin
New Update
ইটানগৰত শনিবাৰৰ পৰা বলবৎ কৰা হ’ব নৈশ সান্ধ্য আইন…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত শনিবাৰৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ কৰা হ'ব। শুকুৰবাৰে এক সংবাদমেলত ইটানগৰ কেপিটেল কমপ্লেক্স জিলাৰ উপায়ুক্ত টালো পটমে এই কথা জানিবলৈ দিয়ে। শনিবাৰৰ পৰা নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ দৈনিক নৈশ সান্ধ্য আইন বাহাল থাকিব।

Advertisment

উল্লেখ্য যে, কভিডৰ দ্বিতীয়টো অভ্যুত্থানত বাৰুকৈয়ে আক্ৰান্ত হৈছে অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলা। তিনিদিনৰ পূৰ্বতেই ল'ৱাৰ ডিবাং ভেলি জিলাৰ ৰয়িঙত ল'কডাউন ঘোষণা কৰা হৈছিল। কিন্তু যোৱা বুধবাৰে নিশা কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ইটানগৰৰ জয়ন্ত পাল নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনৰ মৃত্যু হয় ।

বিগত এসপ্তাহত অৰুণাচল প্ৰদেশত কোভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা শনিবাৰৰ পৰা অৰুণাচল প্ৰদেশত ৭৩৬ জন লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে। এই সময়ত অৰুণাচল প্ৰদেশত মুঠ কৰোণা আক্ৰান্তৰ সংখ্যা হৈছে ১১১২ জন। ৰাজধানী ইটানগৰত সৰ্বাধিক ৩৭০ জন আৰু ল'ৱাৰ ডিবাং ভেলি জিলাত ২৮৬ জন কোৰোনা ৰোগী ধৰা কৰিছে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, অৰুণাচল প্ৰদেশত বৃহৎ সংখ্যক লোক কোৰোণাত আক্ৰান্ত হৈছে যদিও ইয়াৰে মাত্ৰ ১৬৪ জনক কোভিড চেন্টাৰত ভৰ্তি কৰোৱা হৈছে আৰু ৯৪৮ জনক ঘৰতে আছুতীয়াকৈ থাকিবলৈ দিছে। ইপিনে অৰুণাচল প্ৰদেশৰ বাবে ১৮ ৰ পৰা ৪৪ বছৰৰ লোক সকলক কোভিড ভেকচিন দিয়াৰ বাবে এতিয়ালৈকে কোনো ভেকচিন লাভ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে।