বুধবাৰৰ পৰা অৰুণাচল প্ৰদেশত নৈশ্য সান্ধ্য আইন…

বুধবাৰৰ পৰা অৰুণাচল প্ৰদেশত নৈশ্য সান্ধ্য আইন…

author-image
asomiyapratidin
New Update
বুধবাৰৰ পৰা অৰুণাচল প্ৰদেশত নৈশ্য সান্ধ্য আইন…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত কাইলৈ অৰ্থাৎ ১২ জানুৱাৰীৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ। ৩১ জানুৱাৰী পৰ্যন্ত বাহাল থাকিব এই সান্ধ্য আইন। চৰকাৰী কাৰ্যালয়ত ৫০% কৰ্মচাৰীকহে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। সকলো ধৰণৰ ৰাজহুৱা উৎসৱ-মহোৎসৱ উদযাপন এৰাই চলাৰ নিৰ্দেশ। বিগত চাৰিদিনত হঠাতে ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এই নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

Advertisment

বান্দৰদেৱা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত কালি ৩৮ জন ছাত্ৰ-ছাত্ৰী কোভিড আক্ৰান্ত বুলি ধৰা পৰিছিল। আনহাতে, ইটানগৰৰ কেন্দ্ৰীয় বিদ্যালয়ত ১৮ জন আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নেৰিষ্টত ২৪ জন কোভিড আক্ৰান্ত চিনাক্ত হৈছে। ইফালে, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু বিজেপিৰ সাংসদ টাপিৰ গাও কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনৰ বিদ্যালয়সমূহতো অনলাইন পাঠদানৰ পৰামৰ্শ দিছে ৰাজ্য চৰকাৰে।