বিধায়ক টিৰং আবহৰ হত্যাকাৰীৰ ফটো মুকলি , খবৰ দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ…

বিধায়ক টিৰং আবহৰ হত্যাকাৰীৰ ফটো মুকলি , খবৰ দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ…

author-image
asomiyapratidin
New Update
বিধায়ক টিৰং আবহৰ হত্যাকাৰীৰ ফটো মুকলি , খবৰ দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ…

  • অৰুণাচলৰ এন পি পি বিধায়ক টিৰং আবহৰ হত্যাকাৰী উগ্ৰপন্থীৰ ফটো প্ৰকাশ কৰিছে এন আই এয়ে।
  • ৫টা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ ফটো মুকলি কৰিছে এন আই এয়ে ।
  • এই ৫ উগ্ৰপন্থী হৈছে ৰৱি ৱাংগ্নো, এলী কেটক, এবছোলন টাংখুল, ভিক্তৰ টাংখুল আৰু আপেম।
  • ইতিমধ্যে এই পাঁচ দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ সন্ধান দিওতালৈ পুৰস্কাৰৰ ঘোষণা কৰিছে এন আই য়ে।
  • ৰৱি ৱাংগ্নো, এলী কেটক, আপেমৰ ওপৰত দুই লাখ টকা আৰু এবছোলন টাংখুল, ভিক্তৰ টাংখুলৰ ওপৰত আছে তিনি লাখ টকাৰ পুৰস্কাৰ ।
  • উল্লেখযোগ্য যে, চলিত বৰ্ষৰ যোৱা ২১ মে' তাৰিখে গুলীয়াই হত্যা কৰিছিল অৰুণাচল প্ৰদেশৰ পশ্চিম খুনছা সমষ্টিৰ বিধায়ক টিৰাং আবহ সহ ১১ জনকৈ লোকক।