নগা বিদ্ৰোহী সংগঠন এনএছচিএন ইছাক মুইভা গোটলৈ পুঁজি সৰবৰাহ, ডিমাপুৰত নিয়াৰ অভিযানত এজনক গ্ৰেপ্তাৰ

নগা বিদ্ৰোহী সংগঠন এনএছচিএন ইছাক মুইভা গোটলৈ পুঁজি সৰবৰাহ, ডিমাপুৰত নিয়াৰ অভিযানত এজনক গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
নগা বিদ্ৰোহী সংগঠন এনএছচিএন ইছাক মুইভা গোটলৈ পুঁজি সৰবৰাহ, ডিমাপুৰত নিয়াৰ অভিযানত এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এনএছচিএন ইছাক মুইভা গোটলৈ পুঁজি সৰবৰাহ কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই শনিবাৰে ডিমাপুৰত অভিযান চলাই মাছাছাংগ আও নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। নিয়াই সদৰী কৰা মতে যোৱা ১৭ ডিচেম্বৰত দিল্লী বিমানবন্দৰত আয়কৰ বিভাগে অভিযান চলাই এন এছ চি এন আই এমৰ ষ্টেয়াৰিং সমিতিৰ শীৰ্ষনেত্ৰী অলেমা জমিৰক ৭২ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিছিল।

এই ঘটনাৰ অনুসন্ধান কৰি বিদ্ৰোহী সংগঠনটোলৈ পুঁজি সৰবৰাহৰ সৈতে জড়িত থকা মাছাছাংগ আওক শনিবাৰে ডিমাপুৰত অভিযান চলাই নিয়াই গ্ৰেপ্তাৰ কৰে। আওৱে বিভিন্ন সময়ত প্ৰায় ৩৬ বেংক একাউন্টৰ জৰিয়তে এনএছচিএনলৈ কোটি কোটি টকা পুঁজি সৰবৰাহ কৰি আহিছিল। নিয়াই ইতিমধ্যে ডিমাপুৰ আৰু ইম্ফলত থকা অলেমা জমিৰৰ সম্পৰ্কীয় ঘৰত অভিযান চলাই এই বেংক একাউন্ট পৰা প্ৰায় ৪ কোটি টকা জব্দ কৰিছে।