/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/7266jg3b/nf-26.jpg)
NF Railway: চাৰি মাহতে সংগ্ৰহ ৩৪ কোটিৰো অধিক জৰিমণা...
ডিজিটেল ডেস্কঃ নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেয়ে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলকৈ টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীৰ পৰা জৰিমণা হিচাপে সংগ্ৰহ কৰিছে ৩৪.০৬ কোটি টকা। এই বৃহত পৰিমাণৰ জৰিমণা মুঠ ৩ লাখ ৯৬ হাজাৰ ১০১ গৰাকী যাত্ৰীৰ পৰা সংগ্ৰহ কৰা হৈছে বুলি জনাইছে।
বিগত বছৰত এই একেসময়তে নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেয়ে টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীৰ মাজত অভিযান চলাই মুঠ ৩৩.৭৮ কোটি টকা সংগ্ৰহ কৰিছিল। বিগত বছৰৰ তুলনাত সংগৃহীত এই জৰিমণা ০.৫১ শতাংশ অধিক।
এক বিজ্ঞপ্তিৰ জৰিয়তে নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেয়ে যাত্ৰীসকলক সোঁৱৰাই দি কয় যে, টিকটবিহীনভাৱে বা নিৰ্দিষ্ট এক দূৰত্বলৈ টিকট কাটি তাতকৈ অধিক দূত্বলৈ যাত্ৰা কৰিলে তেনে অবৈধ যাত্ৰীৰ বিৰুদ্ধে ১৯৮৯ ৰ ৰে'ল আইনৰ অধীনত জৰিমণা বিহা হব। সেয়ে সকলো যাত্ৰীকে এনে জৰিমণাৰ পৰা ৰক্ষা পাবলৈ টিকটবিহীন ভাৱে যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেয়ে।
Also Read: জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ হিমাশ্ৰীৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ...