/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/4e1e5c52-a21f-4163-9bae-e0b8f3112078.jpg)
ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ নাহৰলগুনত ভয়াবহ বান । ঘৰৰ ভিতৰত এবুকু পানী । নাহৰলগুনৰ লগুন নদীৰ পানী সোমাই জলমগ্ন কৰিছে আবাসিক এলেকা । পানীত ওপঙি আছে বিলাসী বাহন । যোৱা নিশা হোৱা প্ৰৱল বৰষুণৰ ফলতে এই অৱস্থা হৈছে নাহৰলগুনৰ জি এক্সটেনচন এলেকাত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/4e1e5c52-a21f-4163-9bae-e0b8f3112078-1024x569.jpg)
বানপানীৰ ফলত শতাধিক ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বাসিন্দা সকলৰ । এতিয়াও বৰষুন কমা নাই । ন ন এলেকাত পানী সোমোৱাৰ আশংকা । ৰাজধানী চহৰখনত হোৱা এই বানপানীৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন