নাগালেণ্ডত নিৰুদ্দেশ হৈ থকা আওংলেনডেন সমষ্টিৰ প্ৰাৰ্থীয়ে গোপনে যোগ দিলে এনডিপিপিত

নাগালেণ্ডত নিৰুদ্দেশ হৈ থকা আওংলেনডেন সমষ্টিৰ প্ৰাৰ্থীয়ে গোপনে যোগ দিলে এনডিপিপিত

author-image
asomiyapratidin
New Update
নাগালেণ্ডত নিৰুদ্দেশ হৈ থকা আওংলেনডেন সমষ্টিৰ প্ৰাৰ্থীয়ে গোপনে যোগ দিলে এনডিপিপিত

ফাইল ফটো

ডিজিটেল সংবাদ, ৱাখাঃ নিৰ্বাচনৰ জ্বৰত আক্ৰান্ত নাগালেণ্ডত ৰাজনৈতিক নাটক অব্যাহত আছে। অতি শেহতীয়াকৈ নাগালেণ্ডৰ নেচনেল পিপলছ পাৰ্টি অৰ্থাৎ এনপিপি দলৰ ২৬ নং বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী টিনু লংকুমাৰৰ যোৱা ২৬ মাৰ্চৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ থকা ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে এন পি পি দলৰ সভাপতি এটো য়েপথমিয়ে সদৰি কৰা মতে মোককচাঙৰ জিলাৰ আওংলেনডেন সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী টিনু লংকুমাৰৰ যোৱা মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁৰ সৈতে কহিমা মুখ্য কাৰ্যালয়ৰ পৰা কোনোধৰণৰ যোগাযোগ কৰিব পৰা হোৱা নাই।

তেওঁক কোনো দলে অপহৰণ কৰাৰো সন্দেহ প্ৰকাশ কৰিছে দলীয় নেতৃত্বই। এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে মোককচাঙৰ আৰক্ষী থানাত নিৰুদেশ এজাহাৰ দাখিল কৰা হৈছে। লগতে ভাৰতৰ মুখ্য নিৰ্বাচনী বিষয়া সুনীল অৰোৰাক অৱগত কৰা হৈছে এই প্ৰসংগ। ইফালে এনপিপিৰ প্ৰাৰ্থীগৰাকী নিৰুদেশ সন্দৰ্ভত মোককচাঙৰ আৰক্ষী অধীক্ষকে মুখ খুলিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে কৈছে যে, টিনু লংকুমাৰৰ বৰ্তমান সুৰক্ষিত স্থানত সুকলমে আছে। উল্লেখ্য যে, কিছুমাহৰ পূৰ্বে নাগালেণ্ডৰ ২৬ নং আওংলেনডেন সমষ্টিৰ বিধায়ক ইমটিকুঝু লংকুমাৰৰ মৃত্যুৰ পিছত সমষ্টিটোৰ আসনখন খালী হৈছিল।

অহা ১১ এপ্ৰিলত লোকসভাৰ নিৰ্বাচনৰ সৈতে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। এই উপ-নিৰ্বাচনৰ বাবে এন পি পি দলে প্ৰাক্তন বিধায়ক টিনু লংকুমাৰক নিৰ্বাচনত প্ৰক্ষেপ কৰিছিল। কিন্তু নেইফিঅ' ৰিঅ'ৰ দলৰ প্ৰাৰ্থী গৰাকীক পৰাজিত হোৱাৰ শংকাত যোৱা মঙলবাৰৰ পৰা গোপন বুজাবুজিৰ বাবে গোপন স্থানত ৰাখি থৈছিল। শুকুৰবাৰে তেওঁ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক সাক্ষাৎ কৰি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি এনডিপিপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। লগে লগে বিগত দুদিন ধৰি চলি থকা নাগালেণ্ডৰ ৰাজনৈতিক নাটকখনৰ অন্ত পৰে।ইফালে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিনা নাগা পিপলছ ফ্ৰণ্ট দলে কংগ্ৰেছক সমৰ্থন কৰি নিজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।