/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/29df76ec-ec54-420f-a6a5-94b3f4223ee8.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ ১১ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচন স্বচ্ছ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে চলোৱা তালাচীত এতিয়ালৈকে ৬৯ লাখ ৫৭ হাজাৰ নগদ ধন আৰু ১৯০,৩৮৯৪৯ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/945cb22b-22d9-443d-8c78-e6e23ed8f62d.jpg)
মঙলবাৰে নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত সিহনাই এক সংবাদ মেলত এই তথ্য সদৰী কৰিছে। নাগালেণ্ডত এতিয়ালৈকে ৬ টা অবৈধ মাৰণাস্ত্ৰ জব্দ কৰা লগতে ৰাজ্যখনৰ ১৮৭৯ টা অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ ঘূৰাই লৈছিল । আনহাতে ৰাজ্যৰ আইন শৃংখলা আৰু শান্তিপূৰ্ণ নিৰ্বাচনী পৰিবেশ বজাই ৰাখিবলৈ চি আৰ পি এফ,এছএছ বি আৰু বিএছএফক মোতায়েন কৰা হৈছে । ইফালে সমাগত লোকসভা নিৰ্বাচনৰ বাবে ২২২৭ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াৰে ৪৫০ স্পৰ্শকাতৰ বুলি বিবেচনা কৰা হৈছে। এইবাৰ নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবে মুঠ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয় পত্ৰ পৰীক্ষা কৰি বৈধ বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে ।