/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/nagalandpallabi-photo-upload-jkt-copy.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ দুমাহৰ কঠোৰ লাকডাউনৰ অন্তত কোভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ জুলাইৰ পৰা পৰা ১০ জুলাইলৈ নাগালেণ্ডত আনলক ফ্ৰেজ- ১ ঘোষণা কৰা হৈছে । সোমবাৰে ৰাজধানী ক'হিমা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ অধ্যক্ষতা অনুষ্ঠিত স্বাস্থ্য আৰু দুৰ্যোগৰ ব্যৱস্থাপনা বিভাগৰ এখন উচ্চ ক্ষমতা সম্পন্ন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ।
নতুন সিদ্ধান্ত অনুসৰি নগালেণ্ডৰ সকলো চৰকাৰী কাৰ্যালয়ত ৫০% কৰ্মচাৰী উপস্থিত থাকিব লাগিব । সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন অব্যাহত থাকিব । দোকান বজাৰসমূহ ৰটেচন ভিত্তিত খোলাৰ অনুমতি দিয়া হৈছে । গিৰ্জা আৰু বিবাহ অনুষ্ঠানৰ বাবে নতুন এছ অ পি ঘোষণা কৰা হৈছে । নাগালেণ্ড চৰকাৰৰ মুখপাত্ৰ মহেনলুমু কিকনে সোমবাৰে নগালেণ্ডৰ চৰকাৰৰ এই আনলক-১ৰ কথা ঘোষণা কৰে ।