/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/ed42f7fa-1808-49eb-9b83-c4af2e91375c-1.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ আছাম ৰাইফলছে যোৱা দেওবাৰে নাগালেণ্ডৰ ম'ন জিলাৰ ম্যানমাৰ সীমান্তত পানীখেতি গাঁৱত চলোৱা অভিযানত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং , কে ৱাই এ আলফা স্বাধীনৰ শিবিৰ ধ্বংস কৰা লগতে অস্ত্ৰসহ দুজন বিদ্ৰোহী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
সেনাই বিশেষ খবৰৰ ভিত্তিত পানীখেতি বস্তিত বিদ্ৰোহীৰ গোপন শিবিৰ পতাৰ তথ্য লাভ কৰাৰ পাছতে আছাম ৰাইফলছে অভিযান আৰম্ভ কৰে । এই অভিযানত দুজন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিষ্টল ,ৰাইফল আৰু বিস্ফোৰক জব্দ কৰে । পিছত দুই গৰাকী বিদ্ৰোহীক অধিক তথ্যৰ বাবে ম'ন জিলাৰ আৰক্ষীক গতাই দিয়ে।